অদ্ভূত যুক্তি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ! ক’লে- চুলাই মদ খাই মানুহ নমৰিবৰ বাবেই খুলিব বিচৰা হৈছে ৱাইন শ্বপ

নিউজ ডেস্কঃ ৰাজ্যত চৰকাৰে নতুনকৈ সুৰাৰ দোকান খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ইয়াৰ মাজতে সুৰাৰ নতুন দোকান খোলা সম্পৰ্কে অদ্ভূত যুক্তি আগবঢ়ালে ৰাজ্যৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

চুলাই মদ খাই যাতে মানুহ নমৰে, তাৰ বাবেই সুৰাৰ দোকান নতুনকৈ দিব বিচৰা হৈছে বুলি মন্তব্য কৰে শুল্কবৈদ্যই।

তেওঁ কয় যে, ৰাজ্যত অবৈধ সুৰা পান কৰি বছৰি বহু মানুহৰ মৃত্যু ঘটে।

চৰকাৰে কাকো মদ খাবলৈ নকয়। কিন্তু যদি খাবও লাগে, তেন্তে অবৈধ চুলাই খোৱাতকৈ কৰ দি বৈধ সুৰা পান কৰক বুলি মন্তব্য কৰে পৰিমল শুক্লবৈদ্যই।

অন্যহাতে সুৰাৰ পৰা সংগ্ৰহ কৰা ৰাজহেৰে চৰকাৰ নচলে বুলি মন্তব্য কৰি আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে চাৰ্ভেৰ জৰিয়তে য’ত সুৰাৰ দোকানৰ প্ৰয়োজন আছে, সেই ঠাইতহে সুৰাৰ দোকান দিব বিচৰা হৈছে।

সমগ্ৰ অসমতে চাৰ্ভেৰ জৰিয়তে ২০ খন নতুন সুৰাৰ দোকান খোলাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা বুলিও মন্তব্য কৰে পৰিমল শুক্লবৈদ্যই।