শোকাবহ! স্কুল বাছৰ চালকে হঠাৎ ব্ৰেক লগোৱাত বাছৰ ভিতৰৰ পৰা চিটিকি পৰি মৃত্যু কণমানি যশস্বিনীৰ…

নিউজ ডেস্কঃ স্কুল বাছৰ সন্মুখৰ চিটত বহি আছিল এগৰাকী ৭ বছৰীয়া ছাত্ৰী। কিন্তু হঠাতে বাছ চালকে ব্ৰেক লগোৱাত বাছৰ পৰা উফৰি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু ঘটে কণমানিটিৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ উজ্জীয়নৰ মহিদপুৰ নাৰায়ণা গাঁৱত।

ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে ক্ষুব্ধ ৰাইজে স্কুল বাছখনৰ ওপৰত আক্ৰমণ চলাবলৈ আৰম্ভ কৰে। যাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ক্ষুব্ধ জনতাক শান্ত কৰি বাছখন সেই স্থানৰ পৰা আঁতৰাই লৈ যায়।

মহিদপুৰ টি আই দীনেশ ভোজাকে জনোৱা মতে, মহিদপুৰৰ কালুহেদা গাঁও আৰু পান বিহাৰৰ মাজত অৱস্থিত মহৰ্ষি আৰাক্ষবাদ পাব্লিক স্কুলৰ এখন স্কুলবাছ বুধবাৰে পুৱা ৮ বজাত ছাত্ৰ-ছাত্ৰীক নিবলৈ ছালাখেদি আৰু নাৰায়ণ গাঁৱত উপস্থিত হয়।

photo1667376550 1
শোকাবহ! স্কুল বাছৰ চালকে হঠাৎ ব্ৰেক লগোৱাত বাছৰ ভিতৰৰ পৰা চিটিকি পৰি মৃত্যু কণমানি যশস্বিনীৰ… 3

এই স্কুল বাছখনতে পুৱা নাৰায়ণাত স্কুললৈ বুলি পিতৃয়ে বাছত উঠাই থৈ যায় যশস্বিনী নামৰ ৭ বছৰীয়া শিশুটিক।

যশস্বিনী আৰু আন আন ছাত্ৰ-ছাত্ৰীসকলক লৈ স্কুল বাছখনে কিছুদিন আগবঢ়াৰ পিছতে হঠাৎ চালকে ব্ৰেক লগোৱাত বাছৰ ভিতৰৰ পৰা উফৰি বাহিৰত পৰি যায় যশস্বিনী।

এই ঘটনাত মূৰত গুৰুতৰভাৱে আঘাত পোৱা শিশুটিক আত্মীয় আৰু স্থানীয় লোকে ততাতৈয়াকৈ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

জানিব পৰা মতে, এই দুৰ্ঘটনাৰ সময়ত স্কুলখনৰ ভিতৰত মুঠ ২০ গৰাকী শিশু আছিল।

বাছৰ দুৱাৰ মুখৰ কাষৰ চিটত বহি থকা যশস্বিনীৰ এখন হাতত আছিল এটা চিপছৰ পেকেট। সেয়ে হঠাৎ চালকে ব্ৰেক মৰাৰ ফলত শিশুটিয়ে সন্তুলন হেৰুৱাই বাছৰ ভিতৰৰ পৰা চিটিকি পৰি যায় আৰু মূৰত আঘাত পাই মৃত্যু ঘটে।

ইফালে এই ঘটনাৰ পিছত পলায়ন কৰে বাছখনৰ চালক আৰু সহায়কজনে।

ঘটনাক কেন্দ্ৰ কৰি শিশুটিৰ পৰিয়াল আৰু অঞ্চলবাসীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি বাছখনৰ চালক আৰু সহায়কৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে।

লগতে চাওকঃ

শােকাৱহ! নৃত্য পৰিৱেশন কৰিবলৈ গৈ ডেৰাডুনত মৃত্যু মাজুলীৰ লুইচি বৰাৰ

G4
শোকাবহ! স্কুল বাছৰ চালকে হঠাৎ ব্ৰেক লগোৱাত বাছৰ ভিতৰৰ পৰা চিটিকি পৰি মৃত্যু কণমানি যশস্বিনীৰ… 4