মোক সদায় মোৰ পত্নীয়ে মাৰপিট কৰে! প্ৰধানমন্ত্ৰীৰ পৰা সহায় বিচাৰিলে বাংগালুৰুৰ অসহায় ব্যক্তিয়ে…

নিউজ ডেস্কঃ ‘এয়াই আপোনালোকৰ নাৰী শক্তি নেকি? মই মোৰ পত্নীৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ অভিযোগ দাখিল কৰিব পাৰিম নে?’

পত্নীৰ দ্বাৰা নিৰ্যাতিত হৈ এনেদৰেই টুইটযোগে প্ৰধানমন্ত্ৰী মোডী, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক প্ৰশ্ন কৰিলে কৰ্ণাটকৰ এগৰাকী সাধাৰণ ব্যক্তিয়ে।

পত্নীয়ে নিয়মিতভাৱে তেওঁক মাৰপিট কৰাৰ অভিযোগ তুলি বাংগালুৰুৰ নিৱাসী যদুনন্দন আচাৰ্য নামৰ ব্যক্তিজনে টুইটযোগে বিচাৰে প্ৰধানমন্ত্ৰী, আইন মন্ত্ৰীৰ সহায়।

টুইটটোত ব্যক্তিজনে ৰক্তক্ষৰিত হাতৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে, ”কোনোবাই মোক সহায় কৰিবনে? নে মোৰ সতে এই ঘটনা ঘটাত কোনোবাই মোক সহায় কৰিছিল? নাই, কাৰণ মই পুৰুষ!’’

টুইটটোত আগলৈ তেওঁ পুনৰ লিখিছে, ”মোৰ পত্নীয়ে মোক চুৰীৰে আক্ৰমণ কৰিছে, এয়াই নেকি আপোনালোকে আগবঢ়াই নিয়া নাৰী শক্তি? ইয়াৰ বাবে মই মোৰ পত্নীৰ বিৰুদ্ধ গাৰ্হস্থ্য হিংসাৰ গোচৰ দিব পাৰিমনে? নোৱাৰো!’’

এই টুইটটোত তেওঁ প্ৰধানমন্ত্ৰী মোডী, আইন মন্ত্ৰী কিৰেণ ৰিজিজুৰ লগতে বাংগালুৰুৰ আৰক্ষী আয়ুক্ত প্ৰতাপ ৰেড্ডীক টেগ কৰে।

এই টুইটৰ পিছতে বাংগালুৰুৰ আৰক্ষী আয়ুক্ত প্ৰতাপ ৰেড্ডীয়ে তেওঁক থানালৈ গৈ আইনী ব্যৱস্থা ল’বলৈ আৰু তেওঁৰ অভিযোগৰ সমাধান কৰিবলৈ কয়।