নিউজ ডেস্কঃ সমনীয়াৰ সৈতে লুকাভাকু খেলি থকাৰ সময়তে লিফ্টৰ আঘাতত প্ৰাণ হ’ল এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ।
এই শোকাবহ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ মুম্বাইৰ মানখুৰ্ডুত।
জানিব পৰা মতে, ৰেছমা খৰৱী নামৰ কিশোৰীগৰাকীয়ে মানখুৰ্ডুৰ এটা হাউছিং কলনীত থকা আইতাকৰ ঘৰলৈ ফুৰিবলৈ আহি সমনীয়াৰ সৈতে লুকা-ভাকু খেলি আছিল।
খেলৰ মাজত লুকুৱাই থকা বন্ধুক বিচাৰিবলৈ বুলি ৰেছমাই হাউছিং কলনীৰ লিফ্টৰ খিৰিকী সদৃশ এটা ফুটাৰে ভিতৰলৈ জুমি চোৱাৰ সময়তে ওপৰৰ পৰা নামি অহা লিফ্টটোৱে কিশোৰীগৰাকীৰ মূৰত আঘাত কৰে।
এই ঘটনাত অধিক ৰক্তক্ষৰণ হোৱা ৰেছমাক পৰিয়ালৰ লোকে হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
ইফালে হাউছিং ছ’চাইটিৰ গাফিলতিৰ বাবেই কিশোৰীগৰাকীৰ মৃত্যু ঘটা বুলি অভিযোগ কৰিছে পিতৃ আৰু পৰিয়ালে।
এলিভেটৰৰ সেই খিৰিকীসদৃশ ফুটাটো ঢাকি দিয়াৰ প্ৰয়োজন আছিল যদিও ছ’চাইটিয়ে তেনে নকৰাৰ ফলতে কিশোৰীগৰাকীৰ এনে অকাল মৃত্যু ঘটা বুলি অভিযোগ কৰিছে পৰিয়ালে।
পৰিয়ালৰ লোকে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
ৰেছমাৰ এই অকাল মৃত্যুত শোকাহত হৈ পৰিছে পৰিয়াল।









