বহিঃৰাজ্যত নৃত্য পৰিৱেশন কৰিবলৈ গৈ মৃত্যুক আঁকােৱালি ল’লে মাজুলীৰ লুইচি বৰাই

নিউজ ডেস্ক। এক দুঃখবৰ।

বহিঃৰাজ্যত নৃত্য পৰিৱেশন কৰিবলৈ যােৱা মাজুলীৰ সম্ভাৱনাময় শিল্পী লুইচি বৰা (২৫)ৰ ডেৰাডুনৰ চিকিৎসালয়ত মৃত্যু।

উল্লেখ্য যে প্ৰায় চাৰি মাহৰ পূৰ্বে মাজুলীৰ হলিৰাম বায়নৰ নেতৃত্বত সত্ৰীয়া নৃত্য পৰিবেশন কৰিবলৈ লুইচি এটা সাংস্কৃতিক দলৰ সৈতে উত্তৰাখণ্ডলৈ গৈছিল।

312106942 1450986998743015 6375281789171270838 n
বহিঃৰাজ্যত নৃত্য পৰিৱেশন কৰিবলৈ গৈ মৃত্যুক আঁকােৱালি ল’লে মাজুলীৰ লুইচি বৰাই 3

কিন্তু তাত উপস্থিত হােৱাৰ পিছতে হঠাৎ অসুস্থ হৈ পৰিছিল লুইচি।

ইয়াৰ পাচতে লুইচিক ততাতৈয়াকৈ ডেৰাডুনত সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানত ভৰ্তি কৰা হয়।

কিন্তু দুৰ্ভাগ্যৱশতঃ লুইচিয়ে তেতিয়াৰ পৰাই মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত মংগলবাৰে নিয়তিৰ ওচৰত হাৰ মানে।

image 13
বহিঃৰাজ্যত নৃত্য পৰিৱেশন কৰিবলৈ গৈ মৃত্যুক আঁকােৱালি ল’লে মাজুলীৰ লুইচি বৰাই 4

ইফালে লুইচিৰ মৃত্যুত নিজ গাঁও জালুকবাৰীৰ লগতে সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে প্ৰতিভাসম্পন্ন লুইচিয়ে কেৱল বিদ্যায়তনিক দিশতে নহয়, এগৰাকী সম্ভাৱনাপূর্ণ শিল্পী হিচাপে নিজৰ প্ৰতিভাৰ উমান দিবলৈ সমৰ্থ হৈছিল।

মাজুলী কেন্দ্ৰীয় সংগীত মহাবিদ্যালয়ত সৰুৰে পৰা কণ্ঠ সংগীত, সত্ৰীয়া নৃত্য, কথক নৃত্যৰ শিক্ষা লোৱাৰ উপৰি শেহতীয়াকৈ বাঁহী বাদনৰ শিক্ষাও গ্রহণ কৰিছিল।

মাজুলীৰ লগতে অসমৰ বিভিন্ন ঠাইত সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল লুইচিয়ে।

লুইচিয়ে মৃত্যুৰ সময়ত পিতৃ-মাতৃৰ লগতে একমাত্ৰ ভাতৃ আৰু ইষ্ট-কুটুম্বক এৰি যায়।