মৰ্মান্তিক! নাটকত শ্বহীদ ভগৎ সিঙৰ ফাঁচীৰ আখৰা কৰি থকা সময়তে ডিঙিত ফাঁচী লাগি মৃত্যু সপ্তম শ্ৰেণীৰ ছাত্ৰ সঞ্জয়ৰ…

নিউজ ডেস্কঃ বিদ্যালয়ৰ এক অনুষ্ঠানৰ নাটকত অংশ লৈছিল এজন সপ্তম শ্ৰেণীৰ ছাত্ৰই।

শ্বহীদ ভগৎ সিঙৰ ওপৰত কৰিবলগীয়া এই নাটকখনৰ মুখ্য চৰিত্ৰতে অভিনয় কৰাৰ কথা আছিল ছাত্ৰজনে।

কিন্তু ঘৰত নাটকৰ আখৰা কৰি থকাৰ সময়তে সংঘটিত হ’ল এক মৰ্মান্তিক ঘটনা!

কৰ্ণাটকৰ চিত্ৰদুৰ্গত সংঘটিত এই ঘটনাই শোকস্তব্ধ কৰি তুলিছে ছাত্ৰজনৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক।

image 264
মৰ্মান্তিক! নাটকত শ্বহীদ ভগৎ সিঙৰ ফাঁচীৰ আখৰা কৰি থকা সময়তে ডিঙিত ফাঁচী লাগি মৃত্যু সপ্তম শ্ৰেণীৰ ছাত্ৰ সঞ্জয়ৰ… 3

শ্বহীদ ভগৎ সিঙৰ ফাঁচীৰ দৃশ্যৰ আখৰা কৰি থকাৰ সময়তে ডিঙিত ৰচীৰ ফাঁচী লাগি মৃত্যু ঘটে সঞ্জয় গৌড়া নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ।

জানিব পৰা মতে, সপ্তম শ্ৰেণীৰ ছাত্ৰজনে বিদ্যালয়ত নাটকৰ আখৰা কৰি আহি ঘৰতো বন্ধুৰ সৈতে আখৰা কৰি আছিল।

ঘৰত কোনো নথকা অৱস্থাত শিশুটিৱে ভগৎ সিঙৰ ফাঁচীৰ দৃশ্যৰ অনুশীলন কৰি থকাৰ সময়তে হঠাৎ ডিঙিত ফাঁচী লাগে।

image 265
মৰ্মান্তিক! নাটকত শ্বহীদ ভগৎ সিঙৰ ফাঁচীৰ আখৰা কৰি থকা সময়তে ডিঙিত ফাঁচী লাগি মৃত্যু সপ্তম শ্ৰেণীৰ ছাত্ৰ সঞ্জয়ৰ… 4

ইফালে পিছত পৰিয়ালৰ লোক উপস্থিত হৈ শিশুটিক ওলমি থকা প্ৰত্যক্ষ কৰি লগে লগে হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

পিছত আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰিছে।

এই ঘটনাই শোকাহত কৰিছে সমগ্ৰ অঞ্চলবাসীক।