নিউজ ডেস্কঃ পাহাৰীয়া পথেৰে যাত্ৰাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই এখন চাৰিচকীয়া বাহন দ খাৱৈত বাগৰি পৰাত কমেও ৩ জন লোকৰ মৃত্যু ঘটাৰ লগতে আহত হয় ৪ জন।
সোমবাৰে বিয়লি এই শোকাবহ ঘটনা সংঘটিত হয় দাৰ্জিলিঙৰ কাৰ্ছিয়াঙত।
আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে বিয়লি প্ৰায় ৪ বজাত কাৰ্ছিয়াঙৰ ছেপাইধুৰা অঞ্চলত শিলিগুৰিৰ পৰা দাৰ্জিলিংলৈ যোৱাৰ পথত যাত্ৰী কঢ়িওৱা এখন গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰে।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনত চালকসহ ৭ জন লোক আছিল বুলি জানিব পৰা গৈছে।
এই দুৰ্ঘটনাত ৩ জন যাত্ৰীৰ থিতাতে মৃত্যু ঘটে।

ইফালে ঘটনাৰ পিছতে আৰক্ষী আৰু স্থানীয় লোকে আহত সকলক উদ্ধাৰ কৰি কাৰ্ছিয়াং হাস্পতালত ভৰ্তি কৰোৱায়।
নিহত তিনিওজনৰ নাম এতিয়াও প্ৰকাশ হোৱা নাই যদিও তেওঁলোক দাৰ্জিলিং আৰু কালিমপঙৰ বাসিন্দা বুলি জানিব পৰা গৈছে।









