ভাল খবৰ! যুৱ গল্পকাৰ উপাসনা শইকীয়ালৈ ২০২২ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা ঘোষণা…

নিউজ ডেস্কঃ যুৱ গল্পকাৰ উপসনা শইকীয়ালৈ ২০২২ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা।

দেওবাৰে ২৮ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা ঘোষণা কৰে মুনীন বৰকটকী ন্যাসে।

image 257
ভাল খবৰ! যুৱ গল্পকাৰ উপাসনা শইকীয়ালৈ ২০২২ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা ঘোষণা… 3

যুৱ লেখিকা উপাসনা শইকীয়াৰ ‘হালধীয়া জোতা’ শীৰ্ষক চুটিগল্পৰ পাণ্ডুলিপিৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা।

উল্লেখ্য যে, সু-সাহিত্যিক, সাংবাদিক প্ৰয়াত মুনীন বৰকটকীৰ পূণ্যস্মৃতিত প্ৰতি বছৰে যুৱ লেখক-লেখিকাক আগবঢ়াই অহা হৈছে মুনীন বৰকটকী সাহিত্য বঁটা।

image 256
ভাল খবৰ! যুৱ গল্পকাৰ উপাসনা শইকীয়ালৈ ২০২২ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা ঘোষণা… 4

১৯৯৫ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটাত আছে নগদ ৫০,০০০ টকাৰ লগতে স্মাৰক আৰু প্ৰশস্তি-পত্ৰ।