২০২২ বৰ্ষৰ ‘মুনীন বৰকটকী সাহিত্য বঁটা’ ঘোষণা, তৰুণী সাহিত্যিক উপাসনা শইকীয়াৰ ‘হালধীয়া জোতা’লৈ এই বঁটা…

ঘোষণা কৰা হ’ল ২০২২ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা।

সু-সাহিত্যিক, সমালোচক, সাংবাদিক প্ৰয়াত মুনীন বৰকটকীৰ পূণ্যস্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা অসমীয়া ভাষাৰ প্ৰতিভাশালী তৰুণ লেখক-লেখিকাসকলক উদগনি জনাবলৈ প্ৰদান কৰি অহা বাৰ্ষিক ‘মুনীন বৰকটকী সাহিত্য বঁটা, ২০২২’ আজি ঘোষণা কৰা হয়।

অসমীয়া সাহিত্যৰ প্ৰতিশ্ৰুতিসম্পন্ন তৰুণী সাহিত্যিক উপাসনা শইকীয়ালৈ ‘হালধীয়া জোতা’ শীৰ্ষক চুটিগল্প পাণ্ডুলিপিৰ বাবে আগবঢ়োৱা হ’ল এই বঁটা।

মুনীন বৰকটকী ন্যাসৰ হৈ আজি এক সংবাদ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰে ন্যাসৰ পৰিচালন ন্যাসৰক্ষী মিনাক্ষী বৰকটকীয়ে।

image 255
২০২২ বৰ্ষৰ 'মুনীন বৰকটকী সাহিত্য বঁটা' ঘোষণা, তৰুণী সাহিত্যিক উপাসনা শইকীয়াৰ 'হালধীয়া জোতা'লৈ এই বঁটা... 2

বঁটাপ্ৰাপক উপাসনা শইকীয়া অসমীয়া ভাষাৰ প্ৰতিশ্ৰুতিসম্পন্ন তৰুণী কাহিনীকাৰ।

উল্লেখযোগ্য যে, ১৯৯৫ চনৰ পৰা অসমীয়া ভাষাৰ ন লেখক-লেখিকাসকলক উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰদান কৰি অহা এই বঁটাত আছে নগদ ৫০,০০০ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি-পত্ৰ।