এক অতি ভয়াৱহ পথ দুৰ্ঘটনা।
ট্ৰাক আৰু বাছৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত নিহত হৈছে ১৪ জনকৈ লোক।
আনহাতে গুৰুতৰভাৱে আহত হৈছে ৩০ জনতকৈও অধিক লোক।
উত্তৰপ্ৰদেশৰ বাৰাবংকী জিলাত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
পুৱা প্ৰায় ৫ বজাত দেৱা থানাৰ অন্তৰ্গত মাটী ৰোডত সংঘটিত হয় দুৰ্ঘটনাটো।
জানিব পৰা মতে, বালি ভৰ্তি ট্ৰাক এখনে তীব্ৰবেগত সন্মুখৰ পৰা আহি থকা এখন যাত্ৰীবাহী বাছখনত খুন্দা মাৰে।
এই দুৰ্ঘটনাত আহত লোক সকলক বাৰাবংকীৰ স্থানীয় হাস্পতালত ভৰ্তি কৰা হৈছে।
আনহাতে যিসকল গুৰুতৰভাৱে আঘাৰপ্ৰাপ্ত হৈছে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে লক্ষ্ণৌৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।









