আৰক্ষীৰ জালত উত্তৰ গুৱাহাটীৰ কোটিটকীয়া চুপাৰী কেলেংকাৰীৰ লগত জড়িত ৪ ব্যৱসায়ী…

আৰক্ষীৰ জালত কোটিটকীয়া চুপাৰী কেলেংকাৰীৰ লগত জড়িত ৪ ব্যৱসায়ী।

কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী গৌৰীপুৰত সংঘটিত কেইবাশ কোটিটকীয়া চুপাৰি কেলেংকাৰীৰ লগত জড়িত চাৰি ব্যবসায়ীক আটক কৰিবলৈ সক্ষম হৈছে চাংসাৰি আৰক্ষীয়ে৷

চাংসাৰি আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে চুপাৰি কেলেংকাৰীৰ লগত জড়িত চাৰি ব্যৱসায়ীক৷

আটকাধীন চাৰিজন ক্ৰমে দীননাথ মোৰিয়া, বিকাশ সিং, সন্তোষ সিং আৰু ৰমেশ কুমাৰ৷

আটাইকেইজনকে গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰিছে চাংসাৰি আৰক্ষীয়ে৷

এই ঘটনাৰ লগত জড়িত আৰু কেইবাজনকো আটক কৰাৰ সম্ভাৱনা আছে আৰক্ষী৷

উল্লেখ্য যে যোৱা জুলাইত উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত কেইবাটাও গুদামত কামৰূপ আৰক্ষীৰ এটা দলে অভিযান চলাই কেইবাটাও গুদাম জব্দ কৰিছিল৷

Leave a Comment