উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা ACS বিষয়া কে কে শৰ্মাৰ বাসগৃহৰ পৰা জব্দ নগদ ৪৯ লাখ ২৪ হাজাৰ ৭০০ টকা

ACS বিষয়া কে কে শৰ্মাৰ বাসগৃহত দুৰ্নীতি নিবাৰকৰ অভিযান।

ঘোচখোৰ শৰ্মাৰ বাসগৃহৰ পৰা জব্দ ৪৯ লাখ ২৪ হাজাৰ ৭০০ টকা।

শুকুৰবাৰে উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল অসম চৰকাৰৰ যুটীয়া সচিব শৰ্মা।

৯০ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল শৰ্মা।

এখন ছিকিউৰিটী ফাৰ্মৰ অনুজ্ঞা পত্ৰ নবীকৰণৰ নামত লৈছিল উৎকোচ।

বৰ্তমানেও অব্যাহত আছে দুৰ্নীতি নিবাৰকৰ অভিযান।

এই কথা টুইটাৰযোগে সদৰি কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে।