দীপাৱলীৰ নিশা অনা অসমীয়া ফটকা ব্যৱসায়ীৰ পৰা ধন দাবী কৰি গ্ৰেপ্তাৰ আছু নেতা…

নিউজ ডেস্কঃ দীপাৱলীত আতচবাজীৰ দোকান দিয়া ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা ফটকা আৰু ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ আছু নেতা।

মঙলবাৰে নিশা নামৰূপ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ শিক্ষা সম্পাদক তথা নামৰূপ আছুৰ উপদেষ্টা মানস জ্যোতি চাংমাইক।

অভিযোগ অনুসৰি, সোমবাৰে নিশা মানসজ্যোতিয়ে এজন সহযোগীৰ সৈতে বিভি এফ চি এল ডেইলি বজাৰৰ সন্মুখত অস্থায়ী ভাবে ফটকাৰ দোকান দিয়া অনা অসমীয়া ব্যৱসায়ী কৃষ্ণ গুপ্তাৰ দোকানত প্ৰৱেশ কৰিছিল।

আছু নেতাজনে অনা অসমীয়া ব্যৱসায়ীজনক ফটকা বিচাৰি হাৰাশাস্তি কৰাৰ লগতে শাৰীৰিকভাৱেও মাৰধৰ কৰে। লগতে কেচ বক্সৰ পৰা ধন লৈ যায় আছু নেতাজনে।

aasu neta
দীপাৱলীৰ নিশা অনা অসমীয়া ফটকা ব্যৱসায়ীৰ পৰা ধন দাবী কৰি গ্ৰেপ্তাৰ আছু নেতা… 2

আছু নেতা মানস জ্যোতি চাংমাইয়ে এই ঘটনা সংঘটিত কৰাৰ পিছতে নিশা প্ৰায় ১০ বজাত নামৰূপ চেম্বাৰছ অৱ কমাৰ্চৰ বিষয় ববীয়া আৰু ব্যৱসায়ী সকলে আছু নেতা জনক গ্ৰেপ্তাৰৰ দাবীত নামৰূপ থানাত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

তদুপৰি আছু নেতাজনৰ বিৰুদ্ধে ক্ষুদ্ৰ ব্যৱসায়ী কৃষ্ণ গুপ্তা আৰু চেম্বাৰ্ছ অৱ কমাৰ্চে নামৰূপ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে মানসজ্যোতি চাংমাইক।

ইয়াৰ পিছতে বুধবাৰে আদালতত হাজিৰ কৰোৱাত আদালতে জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, পূৰ্বেও এইজন আছু নেতাৰ বিৰুদ্ধে থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল।