মৰ্মান্তিক! দীপাৱলী উপলক্ষে ঘৰলৈ গৈ থকাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু মাতৃ, পত্নী, পুত্ৰ-কন্যাসহ অভিযন্তাৰ…

নিউজ ডেস্কঃ মুহূৰ্তৰ ভিতৰতে শোকলৈ ৰূপান্তৰিত হ’ল এটা পৰিয়ালৰ দীপাৱলীৰ উছাহ!

দীপাৱলী উপলক্ষ্যে ঘৰলৈ যোৱাৰ সময়তে দেওবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় একেটা পৰিয়ালৰ ৫ জনকৈ সদস্যই।

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাটোৱে শোকৰ বন্যা নমাইছে পৰিয়ালটোৰ লগতে সন্ত কবীৰ নগৰত।

image 192
মৰ্মান্তিক! দীপাৱলী উপলক্ষে ঘৰলৈ গৈ থকাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু মাতৃ, পত্নী, পুত্ৰ-কন্যাসহ অভিযন্তাৰ… 3

জানিব পৰা মতে, লক্ষ্ণৌৰ জল নিগমৰ সহকাৰী অভিযন্তা বিনোদ কুমাৰে পত্নী নীলম (৩২), কন্যা শ্ৰেয়া (১২), পুত্ৰ যথাৰ্থ (৮), আৰু মাতৃ সৰস্বতী দেৱী (৬০)ৰ সৈতে দেওবাৰে নিশা দীপাৱলী উপলক্ষ্যে জন্ম গাঁও খলিলাবাদ কোতৱালী অঞ্চলৰ দুদাহী গাঁৱলৈ গৈ আছিল।

নিজে গাড়ী চলাই থকা বিনোদে মুণ্ডাৰৱা আৰক্ষী থানাৰ খাজৌলী আৰক্ষী চকীৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই এখন ৰখাই থোৱা কণ্টেইনাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

image 193
মৰ্মান্তিক! দীপাৱলী উপলক্ষে ঘৰলৈ গৈ থকাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু মাতৃ, পত্নী, পুত্ৰ-কন্যাসহ অভিযন্তাৰ… 4

এই দুৰ্ঘটনাত বাহনত থকা ৪ জনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আনজনৰ চিকিৎসালয়লৈ নিয়াৰ সময়ত মৃত্যু ঘটে।

দীপাৱলীৰ আনন্দ উছাহৰ মাজত পৰিয়ালটোলৈ নামি অহা এই দুখৰ ধুমুহাই শোকস্তব্ধ কৰি তুলিছে সকলোকে।

দীপাৱলীক লৈ ব্যস্ত থকা গাঁওখনেও এই দুখৰ খবৰ লাভ কৰাৰ পিছতে দীপাৱলী উদযাপনৰ উছাহ যেন হেৰুৱাই পেলাইছে।