ষাঁড়ক উচতাই লোৱা সুৰাসক্ত যুৱকৰ সৈতে ঘটিল এই অথন্তৰ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ সুৰাৰ নিচাত ষাঁড়ৰ সৈতে যুঁজি অথন্তৰ ঘটিল এজন যুৱকৰ।

সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে এটা ষাঁড় আৰু এজন যুৱকৰ মাজৰ এখন যুঁজ।

এই ঘটনাৰ স্থান নগাঁও জিলাৰ ধিঙৰ তলিবীল সোণাৰী গাঁও বুলি জানিব পৰা গৈছে।

ভাইৰেল ভিডিঅ’টোত দেখা গৈছে এজন যুৱকে মদৰ নিচাত এটা ষাঁড় গৰুক বাৰে বাৰে উচতাই আছে।

মদৰ নিচাত যুৱকজনে ষাঁড়টোক বাৰে বাৰে খেদিবলৈ চেষ্টা কৰিছে।

ষাঁড়টোও প্ৰথমে পিছুৱাই যায় যদিও বাৰেবাৰে যুৱকজনে ষাঁড়টোক উচতাই থকাত অৱশেষত শিঙেৰে ডাঙি সুৰাসক্ত যুৱকজনক মাটিত বগৰাই দিয়ে ষাঁড়টোৱে।

ষাঁড়ক জোকাই লোৱাৰ এই ভয়ংকৰ পৰিণামৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।