APSCৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্নকাকত উঠাই দিয়াক লৈ সৰৱ জুবিন গাৰ্গ, ক’লে এনেদৰে….

শুক্ৰবাৰে উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ সিদ্ধান্ত বাহাল ৰাখি অসমীয়া ভাষা বিষয়ক পৰীক্ষা অবিহনেই এপিএছচিৰ ফলাফল ঘোষণা কৰাৰ অনুমতি প্ৰদান কৰে।

ইয়াৰ পিছতে অসম লোকসেৱা আয়োগৰ ২০২০ বৰ্ষৰ ফলাফল ঘোষণা কৰা হয়।

কিন্তু APSCৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্নকাকত উঠাই দিয়াক লৈ সৰৱ হৈছে জুবিন গাৰ্গ।

তেওঁ কয়- মোৰ কাৰণে ভাষাটো ডাঙৰ কথা নহয়। কিন্তু অসমত অসমীয়া মাধ্যম থাকিবই লাগিব। মুখ্যমন্ত্ৰীৰ সৈতে মই কথা পাতিম।

উল্লেখ্য যে, বঙাইগাঁৱত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত এপিএছচিত অসমীয়া ভাষা বিষয়ক কাকত প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে।

কেবিনেটৰ এই সিদ্ধান্তৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন দল সংগঠনে।

অন্যহাতে এপিএছচি ২০২০ৰ মূল পৰীক্ষা ভাষা বিষয়ক প্ৰশ্নকাকত অবিহনে অনুষ্ঠিত কৰাৰ ফলত ইয়াৰ ফলাফল ঘোষণা কৰিব পৰা যোৱা নাছিল।

অসমীয়া ভাষাক মষিমূৰ কৰি অতি ভাৰতীয় হোৱাৰ প্ৰৱণতা ব্যক্ত কৰা অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়তো দাখিল কৰা হৈছিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন।

কিন্তু উচ্চ ন্যায়ালয়ে চৰকাৰৰ সিদ্ধান্ত বাহাল ৰাখি এপিএছচি ২০২০ৰ মূল পৰীক্ষা ভাষা বিষয়ক প্ৰশ্নকাকত অবিহনে ফলাফল ঘোষণা কৰাৰ অনুমতি প্ৰদান কৰে।