মৰ্মান্তিক! গেৰেজৰ পৰা গাড়ী উলিওৱাৰ পৰতেই লংকাত পিতৃৰ গাড়ীৰ চেপাত প্ৰাণ গ’ল ১১ মহীয়া কণমানিৰ

হোজাই জিলাৰ লংকাৰ লস্কৰ পথাৰত সংঘটিত হৈছে এক অতি হৃদয় বিদাৰক ঘটনা।

পিতৃৰ গাড়ীৰ চেপাত মৃত্যু এটি ১১ মহীয়া কণমানিৰ।

গেৰেজৰ পৰা গাড়ী উলিওৱাৰ পৰতে সংঘটিত হয় এই শোকাবহ ঘটনাটো।

জানিব পৰা মতে, লস্কৰ পথাৰৰ টেনতুলীত ঘৰৰ গেৰেজত পাৰ্ক কৰা বলেৰ’ পিকআপ ভানখন উলিওৱাৰ সময়তে গাড়ীৰ চকাৰ তলত সোমাই পৰে ১১ মহীয়া কন্যা সন্তানটি।

baby died
মৰ্মান্তিক! গেৰেজৰ পৰা গাড়ী উলিওৱাৰ পৰতেই লংকাত পিতৃৰ গাড়ীৰ চেপাত প্ৰাণ গ’ল ১১ মহীয়া কণমানিৰ 2

গুৰুতৰভাৱে আহত শিশুটিক লগে লগে হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে বলেৰ’ পিকআপ ভানখন।

ঘটনাটোৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।