নিউজ ডেস্কঃ পুত্ৰৰ মৃত্যুৰ ব্যথা সহিব নোৱাৰি একেলগে জীৱনৰ চৰম সিদ্ধান্ত বাচি ল’লে এহাল পিতৃ-মাতৃয়ে।
এই শোকাবহ ঘটনা সংঘটিত হৈছে তামিলনাডুৰ কয়ম্বতুৰত।
এক ভয়ংকৰ দুৰ্ঘটনাত পুত্ৰৰ মৃত্যু ঘটাৰ পিছত মানসিকভাৱে ভাগি পৰা পিতৃ-মাতৃয়ে এমাহৰ পিছতে আত্মহত্যা কৰাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে কয়ম্বটুৰত।
জানিব পৰা মতে, ৯ ছেপ্টেম্বৰত কয়ম্বটুৰৰ থণ্ডমুথুৰৰ ওচৰৰ থেন্নামনাল্লুৰত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা।
এই শোকাবহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা তিনিজন কলেজীয়া ছাত্ৰৰ ভিতৰত আছিল বদবল্লীৰ সমীপৰ নৱৱুৰ পিৰিভুৰ গজলক্ষ্মী নগৰৰ নিৱাসী ৰবি কৃষ্ণ নামৰ ১৮ বছৰীয়া ছাত্ৰজনো।
পুত্ৰৰ মৃত্যুৰ পিছতে শোকত ভাগি পৰিছিল ৰবি কৃষ্ণৰ পিতৃ সঞ্জীৱ শংকৰ (৪৬) আৰু মাতৃ নন্দিনী (৪৫)।
সন্তানক হেৰুৱাই একেবাৰে নিসংগ হৈ পৰা দম্পতীহালে বুধবাৰে নিজ বাসগৃহত আত্মহত্যাৰ চেষ্টা চলোৱাৰ পিছত দুয়োজনক স্থানীয় লোকে উদ্ধাৰ কৰি কয়ম্বটুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰায়।
হাস্পতালত চিকিৎসাধীন অৱস্থাত বুধবাৰে পত্নী নন্দিনীৰ মৃত্যু ঘটাৰ বিপৰীতে বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে সঞ্জীৱ শংকৰে।
এই ঘটনাই শোকস্তব্ধ কৰি তুলিছে তেওঁলোকৰ পৰিয়ালৰ লগতে অঞ্চলবাসীক।









