DTO সঞ্জীৱ হাজৰিকাৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান, জব্দ ৭ লক্ষাধিক টকা…

নিউজ ডেস্কঃ এইবাৰ ডিব্ৰুগড় ডিটিঅ’ সঞ্জীৱ হাজৰিকাৰ বাসগৃহত অভিযান দুৰ্নীতি নিবাৰক শাখাৰ।

ডিটিঅ’ সঞ্জীৱ হাজৰিকাৰ ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ বাসগৃহত চলোৱা হয় এই তালাচী অভিযান।

image 158
DTO সঞ্জীৱ হাজৰিকাৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান, জব্দ ৭ লক্ষাধিক টকা… 3

অভিযানকালত এতিয়ালৈকে উদ্ধাৰ ৭,০৩,৮০০ টকা নগদ ধন।

তদুপৰি অভিযানত উদ্ধাৰ ৮৭ হাজাৰ টকাৰ অচল নোটো।

image 159
DTO সঞ্জীৱ হাজৰিকাৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান, জব্দ ৭ লক্ষাধিক টকা… 4

এই তথ্য সদৰী কৰিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ডিব্ৰুগড় ডিটিঅ’ৰ কনিষ্ঠ সহায়ক দিতিমণি গগৈৰ বাসগৃহতো তালাচী চলাইছিল আৰক্ষীয়ে।

সেই তালাচীৰ সময়ত উদ্ধাৰ হৈছিল প্ৰায় ৯ লাখ ৫২ হাজাৰ টকা নগদ ধন।