নিউজ ডেস্কঃ বৌদ্ধ সন্যাসীৰ ভেশ লৈ বিগত ৩ বছৰে ভাৰতত আত্মগোপন কৰি থকা এগৰাকী মহিলা চীনা চোৰাংচোৱাক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দিল্লী আৰক্ষীয়ে।
দিল্লী বিশ্ববিদ্যালয়ৰ সমীপত তীব্বতী শৰনাৰ্থী কলনীত বিগত ৩ বছৰে বৌদ্ধ সন্যাসীৰ ভেশ লৈ বাস কৰি আহিছিল মহিলা চোৰাংচোৱাগৰাকীয়ে।
শেহতীয়াকৈ এই সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছতে যোৱা সোমবাৰে গ্ৰেপ্তাৰ কৰে কাই ৰুয়ো নামৰ চীনা নাগৰিকগৰাকীক। তেওঁৰ পৰা আৰক্ষীয়ে কেইবাখনো ভুুৱা পৰিচয় পত্ৰও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
দিল্লী আৰক্ষীৰ মতে, ৰহস্যময়ী মহিলা চীনা নাগৰিকগৰাকী স্থানীয় বাসিন্দা সকলৰ মাজত ডলমা লামা হিচাপে পৰিচিত।

২০১৯ চনত চীনা পাছপ’ৰ্টত ভাৰতত প্ৰৱেশ কৰা মহিলগৰাকীয়ে তেতিয়াৰে পৰা দিল্লীৰ তীব্বতী শৰণাৰ্থী কলনীত বাস কৰি আহিছিল।
অৱশ্যে মহিলাগৰাকীয়ে নিজকে চীনৰ চোৰাংচোৱা বুলি স্বীকাৰ কৰা নাই। তেওঁ আৰক্ষীক জনোৱা মতে, চীনা কমিউনিষ্ট পাৰ্টীয়ে তেওঁক হত্যা কৰিব বিচৰাৰ বাবেই ভাৰতলৈ আহি বৌদ্ধ সন্যাসীৰ ৰূপত আত্মগোপন কৰি আছিল।
দিল্লী আৰক্ষীয়ে সদৰী কৰা মতে, এই চীনা মহিলাগৰাকী ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত হৈ আছে।
কেৱল সেয়াই নহয়, তেওঁ নিজৰ পৰিচয় সলনি কৰি নেপালৰ নাগৰিক হিচাপে সকলো নথি-পত্ৰও দাখিল কৰিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
জানিব পৰা মতে, দিল্লী আৰক্ষীৰ বিশেষ শাখাই এই ঘটনা সন্দৰ্ভত বিশদ তদন্ত কৰিব।
প্ৰসংগক্ৰমে যোৱা বছৰ মালদাৰ পৰা হান জুনেই নামৰ এজন চীনা চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰা হৈছিল।









