গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা।
যোৱা ১৯ অক্টোবৰত হৈছিল ভোটদান প্ৰক্ৰিয়া।
১০টা পদৰ বাবে ২২ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছিল প্ৰাৰ্থীত্ব।
পুৱা ১০ বজাৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিউ একাডেমীক বিল্ডিঙৰ দ্বিতীয় মহলাত আৰম্ভ হয় ভোট গণনা প্ৰক্ৰিয়া।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত আছুৰ আধিপত্য।
সভাপতি পদত আছু সমৰ্থিত কল্যাণ কাশ্যপ গগৈৰ জয়লাভ।
সাধাৰণ সম্পাদক পদত আছুৰ পুন্যব্ৰত দত্তৰ জয়লাভ।

উপ-সভাপতিৰ পদত নিৰঞ্জন বৰা, সহকাৰী সাধাৰণ সম্পাদকৰ পদত দালবীৰ সিং, সংগীত সম্পাদকৰ পদত সাধনা শৰ্মা, সাহিত্য সম্পাদকৰ পদত সৌৰভ দেউৰীয়ে জয়লাভ কৰে।
আনহাতে, লঘু ক্ৰীড়া প্ৰতিযোগিতাত মনজিল শইকীয়া, ছাত্ৰী জিৰণিকোঠা সম্পাদিকাৰ পদত মৌচুমী ওজাৰ জয়লাভ।
সমাজ সেৱা সম্পাদকৰ পদত ফৌজেইল আহমেদে জয়লাভ কৰে।
আনহাতে, শৰীৰচৰ্চা বিভাগৰ সম্পাদকৰ পদত প্ৰভু বড়ো, ক্ৰীড়া সম্পাদকৰ পদত হাবেল বড়ো আৰু গুৰু ক্ৰীড়া সম্পাদকৰ পদত বিশ্বজিত দৈমাৰীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰে।
প্ৰায় ৩৯৮০ শিক্ষাৰ্থীৰ বিপৰীতে ২৩২০ গৰাকী শিক্ষাৰ্থীয়ে নিৰ্বাচনত ভোটদান সাব্যস্ত কৰিছিল।









