মঙলবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম।
ধাৰাবাহিকভাৱে পঞ্চম দিনৰ বাবে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰিলে তেল কোম্পানীসমূহে।
মঙলবাৰে দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ ২৫ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলৰ প্ৰতি লিটাৰত ৩০ পইচা বৃদ্ধি হয়।
ইয়াৰ ফলত দিল্লীত ১ লিটাৰ পেট্ৰ’লৰ দাম হৈছেগৈ ১০২.৬৪ টকা। ডিজেলৰ দাম বৃদ্ধি হৈ হৈছে ৯১.০৭ টকা।
বৰ্তমান দেশৰ ২৬খন ৰাজ্যত পেট্ৰ’লৰ দামে ১০০ টকা অতিক্ৰম কৰিছে।
মধ্য প্ৰদেশ, ছত্তীশগড়, দিল্লী, জম্মু–কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, মণিপুৰ, নাগালেণ্ড, পুডুচেৰী, তেলেংগানা, পঞ্জাব, ছিকিম, ওড়িশা, কেৰালা, তামিলনাডু, পশ্চিম বংগ, ত্ৰিপুৰা আৰু ৰাজস্থানৰ সকলো জিলাত পেট্ৰ’লৰ দাম ১০০ টকা পাৰ হৈছে।
গুৱাহাটীত মঙলবাৰে প্ৰতিলিটাৰ পেট্ৰ’ল ০.৬ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত ০.১৫ পাইচা বৃদ্ধি পাইছে।
গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লত ৯৮.৫৮ টকা হোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেল ৯০.৬১ টকা হয়।
মুম্বাই – পেট্ৰ’ল ১০৮.৬৭ টকা, ডিজেল ৯৮.৮০ টকা।









