৭ অক্টোবৰলৈ NCB ৰ জিম্মাত থাকিব শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান…

৭ অক্টোবৰলৈ NCB ৰ জিম্মাত থাকিব শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান।

আৰিয়ান খানৰ লগতে মুনমুন ধামেচা, আৰবাজ মাৰ্চেণ্টকো NCBৰ জিম্মালৈ।

আন ৫ জন ধৃতক ৯ দিনৰ জিম্মাত বিচাৰিলে NCB-এ।

সোমবাৰে NCBয়ে ন্যায়ালয়ত হাজিৰ কৰাইছিল আটকাধীন কেউজনকে।

এই ৰায় দি এগৰাকী ন্যায়াধীশে কয় যে, এই গোচৰৰ তদন্ত কৰাটো অতি প্ৰয়োজন আৰু ই তদন্তকাৰী আৰু অভিযুক্ত উভয়কে সহায় কৰিব।

আৰিয়ানৰ বন্ধু আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাকো ৭অক্টোবৰলৈ এন চি বিৰ জিম্মালৈ পঠিওৱা হৈছে।

সোমবাৰৰ দিনটোও এন চি বিৰ ৰিমাণ্ডতে আছিল আৰিয়ান।

বহু তথ্য পাতি দাঙি ধৰাৰ পিছতো শ্বাহৰুখৰ পুত্ৰক জামিন প্ৰদানৰ সলনি ৭ অক্টোবৰলৈ এন চি বিৰ জিম্মাত প্ৰেৰণৰ সিদ্ধান্ত লয়।

ন্যায়াধীশে এই ৰায় শুনোৱাৰ লগে লগে আটাইকেইজনে আদালতৰ মজিয়াতে উচুপি উঠে।

শনিবাৰে মুম্বাইৰ কৰ্ডেলিয়া নামৰ এখন বিলাসী জাহাজত ড্ৰাগছৰ পাৰ্টীত থকা আৰু ড্ৰগছ ব্যৱহাৰৰ গোচৰত আটক কৰিছিল আৰিয়ানক।

তেওঁলোকৰ জিম্মাৰ পৰা ১৩গ্ৰাম কোকেইন, ২১ গ্ৰাম গাঞ্জা, ২২টা এমডিএমএ টেবলেট আৰু ৫গ্ৰাম এম জি জব্দ কৰা বুলি এনচিবি-এ সদৰি কৰিছে।

তদন্তকাৰী সংস্থাটোৱে আৰিয়ানত ১১অক্টোবৰলৈ জিম্মাত বিচাৰিছিল যদিও আদালতে ৭ অক্টোবৰলৈ জিম্মাত দিয়ে।

Leave a Comment