পিষ্টল, সজীৱ গুলি আৰু সেনাৰ পোচাকসহ আৰক্ষীৰ জালত দুই উগ্ৰপন্থী।
কাছাৰ জিলাৰ জিৰিঘাটত আটক হৈছে দুই উগ্ৰপন্থী কেডাৰ।
কাছাৰ আৰক্ষী আৰু ডিমাহাসাও আৰক্ষীৰ যৌথ অভিযানত আটক হয় উগ্ৰপন্থী কেডাৰ দুজন৷
ধৃত দুজন কাছাৰ জিলাৰ জিৰিঘাট অঞ্চলৰ Darneithuom Hmar আৰু ত্ৰিপুৰা ধৰ্মনগৰৰ Jehoba Choreai
জানিব পৰা মতে, কাছাৰ আৰক্ষী আৰু ডিমাহাসাও আৰক্ষীৰ এটা দলে কাছাৰ জিলাৰ অসম মণিপুৰ সীমান্তৰ বিজুংচাও বস্তিত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই সন্দেহ জনক দুইজন উগ্ৰপন্থী কেডাৰক আটক কৰিবলৈ সক্ষম হয়।
লগতে আৰক্ষীয়ে জব্দ কৰে এটা ফেক্টৰী মেইড বন্দুক, ২৬জাঁই সজীৱ গুলী, দুজোৰ সেনা পোছাক আৰু দুজোৰ সেনা জোতা।









