নিউজ ডেস্কঃ নিজৰ ঠাইত বিজেপিয়ে আন এজন জিলা সভাপতি নিযুক্তি কৰাৰ ক্ষোভত নৱ নিযুক্ত বিজেপিৰ জিলা সভাপতিৰ পোষ্টাৰতে মূত্ৰ বিসৰ্জন কৰিলে এগৰাকী বিজেপি নেতাই।
শেহতীয়াকৈ বিজেপি নেতাজনে সংঘটিত কৰা এই লজ্জাজনক কাণ্ডৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি ৬ বছৰৰ বাবে লোকজনক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন কৰিছে বিজেপি নেতৃত্বই।
দৰাচলতে এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত। ৰাজ্যখনৰ মেহগাঁও জনপদ পঞ্চায়তৰ জিলা উপ-সভাপতি শৈলেন্দ্ৰ সিং ভাদুৰীয়া এইবাৰ জিলা সভাপতি পদৰ দাবীদাৰ আছিল।
কিন্তু বিজেপিয়ে শৈলেন্দ্ৰ সিং ভাদুৰীয়াৰ ঠাইত শেহতীয়াকৈ দেৱেন্দ্ৰ সিং নৰৱাৰীয়াক নিযুক্ত কৰাত ক্ষুণ্ণ হৈ পৰে শৈলেন্দ্ৰ।
ইফালে দেৱেন্দ্ৰ সিং নৰৱাৰীয়াক বিজেপিৰ জিলা সভাপতি নিযুক্ত কৰাৰ পিছতে তেওঁক আদৰিবলৈ জিলাখনৰ বিভিন্ন প্ৰান্তত পোষ্টাৰ অঁৰা হয়।
ইয়াৰ পিছতে দেৱেন্দ্ৰৰ ওপৰত ক্ষুণ্ণ হৈ থকা শৈলেন্দ্ৰই নিশা নৱ নিযুক্ত জিলা সভাপতিজনৰ এখন পোষ্টাৰত প্ৰস্ৰাৱ কৰে।
ভাইৰেল হৈ পৰি ভিডিঅ’টোত দেখা পোৱা মতে, শৈলেন্দ্ৰই নিশা এটা টোল প্লাজাত গাড়ী ৰখায়। তাৰ পিছত এটা খুঁটাত আঁৰি থোৱা দেৱেন্দ্ৰৰ এখন পোষ্টাৰ ফালি নমাই আনে।
#MP | #Video of #BJP leader #ShailendraSingh Bhadauria, vice-president of Mehgaon Janpad Panchayat of the district, went #viral, in which he was seen urinating on the poster of newly appointed BJP district president Devendra Singh Narwaria. pic.twitter.com/pvq4cmE4uF
— Free Press Journal (@fpjindia) October 14, 2022
তাৰ পিছতে পোষ্টাৰখন মাটিত পেলাই তাৰ ওপৰত প্ৰস্ৰাৱ কৰে বিজেপি নেতা শৈলেন্দ্ৰ সিং ভাদুৰীয়াই।
এই ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে গেৰুৱা শিবিৰৰ ৰাজ্যিক নেতৃত্বই এনে এক জঘন্য কাৰ্য সংঘটিত কৰাৰ বাবে ৬ বছৰ বাবে তেওঁক প্ৰাথমিক সদস্যপদৰ পৰা নিলম্বন কৰে।
বিজেপিৰ ৰাজ্যিক সভাপতি ভিডি শৰ্মা, ৰাজ্যিক সম্পাদক ভগবন্দাস সবননীৰ নিৰ্দেশত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।









