শোকাবহ! কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ২০ বৰ্ষীয় সেনা জোৱান অশোক ৰায়ৰ, শোকস্তব্ধ পৰিয়াল

নিউজ ডেস্কঃ ছুটীত ঘৰলৈ আহি ব্যক্তিগত কামত বাইক লৈ ওলাই যোৱাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী ভাৰতীয় সেনা জোৱানে।

কোকৰাঝাৰ জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত উজানপেটলা গাঁৱৰ নিৱাসী শান্ত ৰায়ৰ পুত্ৰ তথা ভাৰতীয় সেনা জোৱান অশোক ৰায় (২০)ৰ দুৰ্ঘটনাত মৃত্যু ঘটাৰ খবৰে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, প্ৰায় ডেৰ বছৰ পূৰ্বে ভাৰতীয় সেনা বাহিনীত যোগদান কৰা অশোক ৰায়ে ৩০ আগষ্টত ছুটীত ঘৰলৈ আহিছিল।

১২ অক্টোবৰত তেওঁ মটৰ চাইকেল লৈ ব্যক্তিগত কামত ওলাই যোৱাৰ পিছতে গোসাইগাঁও থানাৰ অন্তৰ্গত তুলসীবিল আৰক্ষী চকীৰ সমীপৰ পেট্ৰ’ল পাম্পৰ সন্মুখত বিপৰীত দিশৰ পৰা অহা আন এখন বাইকৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটে অশোক ৰায়ৰ।

photo1665743717
শোকাবহ! কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ২০ বৰ্ষীয় সেনা জোৱান অশোক ৰায়ৰ, শোকস্তব্ধ পৰিয়াল 2

দুৰ্ঘটনাত বাইকৰ পৰা উফৰি পৰি গুৰুতৰভাৱে আহত হোৱা জোৱানজনক ততাতৈয়াকৈ স্থানীয় ৰাইজে মুমুৰ্ষ অৱস্থাত হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ইফালে আৰক্ষীয়ে জোৱানজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত সেনা বাহিনীৰ বিভাগীয় নিয়ম-নীতি সম্পন্ন কৰা হয়। তাৰ পিছতে অশোক ৰায়ৰ নশ্বৰ দেহ পৰিয়ালক চমজাই দিয়ে।

জোৱানজনৰ এনে আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক।

বৃহস্পতিবাৰে জোৱানজনৰ মৃতদেহ স্বগৃহলৈ অনাৰ পিছতে এক শোকাকুল পৰিৱেশৰ মাজত সম্পন্ন কৰা হয় অন্ত্যেষ্টিক্ৰিয়া।