চৰকাৰী চিকিৎসালয়ত নাই এম্বুলেন্স, নাই চিকিৎসক! গৰ্ভত যমজ সন্তান থকা শিক্ষয়িত্ৰীৰ কৰুণ মৃত্যু…

নিউজ ডেস্কঃ চৰকাৰে মেডিকেল কলেজ, হাস্পতাল নিৰ্মাণ কৰেহে কৰে, কিন্তু স্বাস্থ্যখণ্ডৰ শোচনীয়া অৱস্থাৰ অন্ত নপৰে।

সু চিকিৎসা ব্যৱস্থাৰ অভাৱতে ৰাজ্যত পুনৰ প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী গৰ্ভৱতী মহিলাই।

গৰ্ভত থকা দুটি যমজ সন্তানৰ সৈতে এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যুৱে গভীৰ শোকৰ ছাঁ পেলাইছে ওদালগুৰি জিলাৰ মাজবাটত।

নয়মী বালা নামৰ ২৪ বৰ্ষীয় গৰ্ভৱতী মহিলাগৰাকীৰ মৃত্যু চিকিৎসা ব্যৱস্থাৰ অভাৱৰ বাবেই ঘটা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসীয়ে।

জানিব পৰা মতে, মাজবাটৰ অন্তৰ্গত লামাবাৰীৰ নিৱাসী তথা লামাবাৰী মধ্য ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অবৈতনিক শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত নয়মী বালাই ১১ অক্টোবৰৰ আবেলি অসুস্থ অনুভৱ কৰে।

গৰ্ভৱতী মহিলাগৰাকীক লগে লগে ওচৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ পৰিয়ালে লৈ যায় যদিও সমস্যা গম্ভীৰ হোৱাৰ বাবে চিকিৎসকে অন্য চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ দিয়ে।

photo1665746249
চৰকাৰী চিকিৎসালয়ত নাই এম্বুলেন্স, নাই চিকিৎসক! গৰ্ভত যমজ সন্তান থকা শিক্ষয়িত্ৰীৰ কৰুণ মৃত্যু… 2

সেই অনুসৰি মহিলাগৰাকীক মাজবাট, ওৰাং আদিৰ চিকিৎসালয়লৈ নিয়া হয় যদিও ক’তো চিকিৎসাৰ সু ব্যৱস্থা নথকাত অৱশেষত উপায়ন্তৰ হৈ পৰিয়ালে সংকটজনক অৱস্থাত মহিলাগৰাকীক তেজপুৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে।

কিন্তু ইতিমধ্যে স্বাস্থ্য গুৰুতৰ হৈ পৰা মহিলাগৰাকীৰ তেজপুৰলৈ নিয়াৰ পথতে মৃত্যু ঘটে।

গৰ্ভত থকা যমজ সন্তানৰ সৈতে নয়মী বালাৰ এনে মৃত্যুৱে শোকস্তব্ধ কৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসীক।

মাজবাট বা ওৰাঙত সু চিকিৎসাৰ ব্যৱস্থা থকা হ’লে মহিলাগৰাকীৰ জীৱন ৰক্ষা পৰিলহেঁতেন বুলিও দুখ ব্যক্ত কৰিছে পৰিয়ালে।