নিউজ ডেস্কঃ ৰাইজে ইচ্ছা কৰিলে ওপৰত তুলিবও পাৰে, ইচ্ছা কৰিলে মাটিত নমাবও পাৰে। – ৰাজ্যজুৰি অব্যাহত থকা আবাহন থিয়েটাৰৰ লভিতা নাটক বিতৰ্কৰ মাজতে এইবাৰ প্ৰতিক্ৰিয়া গায়ক ভৃগু কাশ্যপৰ।
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি আৱাহন থিয়েটাৰ কৰ্তৃপক্ষক ৰাইজৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনায় ভৃগু কাশ্যপে।

অৱশ্যে তেওঁ এতিয়ালৈকে আৱাহন থিয়েটাৰৰ লভিতা নাটকখন চোৱা নাই বুলি মন্তব্য কৰি কয় যে নাটকখন চোৱাৰ পিছতহে এই সন্দৰ্ভত ভালদৰে ক’ব পাৰিব।
কিন্তু ৰাজ্যজুৰি সৃষ্টি হোৱা তুমুল বিতৰ্কৰ পিছত ৰাইজে যিধৰণে কৰিবলৈ কয়, সেই ধৰণে থিয়েটাৰ কৰ্তৃপক্ষই শুধৰণি কৰাটো ভাল হ’ব বুলিও মন্তব্য কৰে ভৃগু কাশ্যপে।
উল্লেখ্য যে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰি থৈ যোৱা লভিতা শীৰ্ষক নাটকখনি এইবাৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূতি উপলক্ষ্যে মঞ্চস্থ কৰিছে প্ৰস্তুতি পৰাশৰ প্ৰযোজিত আৱাহন থিয়েটাৰে।
কিন্তু জ্যোতিপ্ৰসাদৰ এই কালজয়ী নাটকখনিক বিকৃত ৰূপত লিখি নিজৰ নাম দিছে নাট্যকাৰ অভিজিত ভট্টাচাৰ্যই।
তাৰ পিছতে ৰাজ্যৰ নাট্যপ্ৰেমী আৰু নাট্যকৰ্মী সকলৰ মাজত ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
লগতে চাওকঃ










