কোকৰাঝাৰৰ পৰিবহণ বিভাগৰ আন ৩ কৰ্মচাৰী আৰক্ষীৰ জালত।
ধৃত বিষয়া তিনিগৰাকী হৈছে- ৰিচাৰ্ড মুছাহাৰী, মনোজ বসুমতাৰী আৰু সোভিক দে’।
ধনসহ আৰক্ষীয়ে আটক কৰে পৰিবহণ বিভাগৰ ৩ কৰ্মচাৰীক।
উল্লেখ্য যে, বুধবাৰে নিশা কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কোকৰাঝাৰৰ ভাৰপ্ৰাপ্ত পৰিবহণ বিষয়া সামেশ্বৰ ব্ৰহ্ম মুছাহাৰীক।
লগতে মুছাহাৰীৰ পৰা ৩৬ লাখ টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে।
দীৰ্ঘদিন ধৰি বিভিন্ন অপৰাধজনিত কৰ্মত লিপ্ত হৈ ধন সংগ্ৰহৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে।
অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত ছিণ্ডিকেট বাহিনীৰ সৈতে মিলিত থকাৰ অভিযোগৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে নিশা অভিযান চলাই ৩৬ লাখ টকাসহ গ্ৰেপ্তাৰ কৰে পৰিবহণ বিষয়া সামেশ্বৰ ব্ৰহ্ম মুছাহাৰীক।
DTOসহ ধৃত চাৰিওকে জেৰাৰ পিছত হাজিৰ কৰোৱা হয় ন্যায়িক দণ্ডাধীশৰ আদালতত।









