সততে মঞ্চত বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰি চৰ্চাত থাকে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ।
জুবিনৰ গানৰ দৰেই তেওঁ কৰা মন্তব্যবোৰো বিভিন্ন সময়ত বেচ জনপ্ৰিয়তা লাভ কৰা দেখা যায়।

কিন্তু বৃহস্পতিবাৰে বৰপেটা জিলাৰ হাউলীৰ মৌটুপুৰীত লক্ষ্মী পূজা উপলক্ষ্যে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত কৰা এক মন্তব্যই আৱেগিক কৰি তুলিছে সকলোকে।
তেওঁ কয়- যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে জীয়াই থাকিম, যিদিনা নোৱৰা হ’ম সেইদিনাই মৰি যাম। খটম, বাই বাই……………………
জুবিনৰ এই মন্তব্যই এপলকলৈ আৱেগিক কৰি তোলে উপস্থিত সকলোকে।
ইপিনে অনুষ্ঠানত উপস্থিত দৰ্শকক অসমীয়া চিনেমা চোৱাৰ বাবে আহ্বান জুবিন গাৰ্গৰ। ‘অসমীয়া চিনেমাৰ ভাল দিন ঘূৰি আহিছিল। কিন্তু ক’ৰণাৰ বাবে দিন বেয়া হ’ল।’ পুনৰ অসমীয়া চিনেমাৰ ভাল দিন ঘুৰাই আনিব লাগিব বুলি মন্তব্য কণ্ঠশিল্পীগৰাকীৰ
অসমীয়াৰ হিয়াৰ আমঠু জুবিন ভালে থাকক সুস্থ থাকক, দীৰ্ঘায়ু হওক সেইয়াই অসমবাসীৰ কামনা…









