এক চাঞ্চল্যকৰ ঘটনা।
সমনীয়াৰ সৈতে নৈ পাৰ কৰিবলৈ লওঁতেই উটি গ’লল এগৰাকী যুৱক।
জাগুন আৰক্ষী চকীৰ অন্তৰ্গত নমাইলৰ ফুলবাৰীৰ এগৰাকী যুৱক সন্ধানহীন।
টিৰাপ নৈৰ হোলোং ডুবিঘাটত যুৱকগৰাকী সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে।
সন্ধানহীন যুৱকজনৰ নাম মিলন ছেত্ৰী (১৮)। যুৱকজন জাগুন ফুলবাৰী গাঁৱৰ।
চাৰি সমনীয়াৰ সৈতে টিৰাপ নৈ পাৰ হৈছিল যুৱকজনে।
কিন্তু ইয়াৰ পিছতে সন্ধানহীন হৈ পৰে যুৱকজন।
ঘটনাস্থলীত ইতিমধ্যে জাগুন আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।









