গুৱাহাটীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু! আজি মুকলি কৰিব ৩০০০ মডেল অংগনৱাড়ী কেন্দ্ৰ…

আজি অসমত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ দ্বিতীয় দিন।

আজি ৰাষ্ট্ৰপতিগৰাকীয়ে ৩০০০ মডেল অংগনৱাড়ী কেন্দ্ৰ উন্মোচন কৰিব।

লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে মুকলি কৰিব ‘মিছন সৌভাগ্য’।

ইয়াৰ উপৰি চাহ বাগিচা অঞ্চলত ১০০খন মডেল ছেকেণ্ডাৰী স্কুলৰ আধাৰশিলাও স্থাপন কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে।

ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ বহুকেইটা অংশ উন্মোচন কৰাৰ লগতে শিলচৰৰ মইনাবন্দৰ অইল ইণ্ডিয়া লিমিটেডৰ ৰে’ল-ফেড পেট্ৰ’লিয়াম ষ্ট’ৰেজ ডিপোৰ আধাৰশিলা স্থাপন কৰিব।

image 101
গুৱাহাটীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু! আজি মুকলি কৰিব ৩০০০ মডেল অংগনৱাড়ী কেন্দ্ৰ... 2

ৰাষ্ট্ৰপতিয়ে মুকলি কৰিব চাৰিলেনযুক্ত গহপুৰ–হোলেঙী পথ আৰু দুইলেনযুক্ত শিলচৰ–বদৰপুৰ পথ।

ডিব্ৰুগড়-লিডু পথৰো আধাৰশিলা স্থাপন কৰিব দ্ৰৌপদী মুৰ্মুৱে।

লগতে আগিয়াঠুৰী কাৰ্গো আৰু ক’চিং টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।

এই সকলো কাৰ্যসূচীত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।