ভাগ্যৰ খেল! লোন পৰিশোধ কৰিবলৈ নটিছ বেংকৰ, একেদিনাই লটাৰীত ৭৫ লাখ টকা জয় কৰিলে এজন ক্ষুদ্ৰ মাছ বিক্ৰেতাই…

নিউজ ডেস্কঃ ৭ বছৰ পূৰ্বে ঘৰ নিৰ্মাণৰ বাবে বেংকৰ পৰা লোৱা লোন সময়মতে পৰিশোধ কৰিব নোৱাৰাত বেংকৰ পৰা নটিজ প্ৰেৰণ কৰা হৈছিল এজন ক্ষুদ্ৰ মাছ বিক্ৰেতালৈ।

বেংকৰ নটিছ লাভ কৰি ঋণ পৰিশোধ কেনেকৈ কৰিব সেয়া ভাৱি উৱাদিহ নোহোৱা হৈছিল ব্যক্তিজনৰ।

কৰ্মক্ষেত্ৰৰ পৰা ঘৰলৈ ওভতাৰ পথত ভাগ্য পৰীক্ষাৰ বাবে সেইদিনাই তেওঁ ক্ৰয় কৰিছিল এটা লটাৰী টিকট।

আশ্বৰ্যজনক ভাৱে সেই টিকটটোতে ৭৫ লাখ টকাৰ পুৰস্কাৰ জয়লাভ কৰিবলৈ সক্ষম হ’ল ব্যক্তিজন।

এনে এক ঘটনাই সংঘটিত হৈছে কেৰালাৰ মাইনাগাপল্লীৰ পুকুঞ্জুত।

75 lakh
ভাগ্যৰ খেল! লোন পৰিশোধ কৰিবলৈ নটিছ বেংকৰ, একেদিনাই লটাৰীত ৭৫ লাখ টকা জয় কৰিলে এজন ক্ষুদ্ৰ মাছ বিক্ৰেতাই… 3

জানিব পৰা মতে, পেছাত এগৰাকী ক্ষুদ্ৰ মাছ বিক্ৰেতাই ৭ বছৰ পূৰ্বে ঘৰ নিৰ্মাণৰ বাবে ৭.৪৫ লাখ টকাৰ ঋণ লৈছিল।

কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁ সেই লোন পৰিশোধ কৰিবলৈ সক্ষম নোহোৱাত বুধবাৰে কৰ্প’ৰেশ্যন বেংকৰ কুট্টিৱটম শাখাৰ পৰা তেওঁলৈ সুদে-মূলে ৯ লাখ টকা পৰিশোধ কৰিবলৈ জাননী প্ৰেৰণ কৰে।

বিয়লি প্ৰায় ২ বজাত তেওঁলৈ বেংকে নটিছ প্ৰেৰণ কৰাৰ পিছত ভাগ্য পৰীক্ষাৰ বাবে সেইদিনাই অনুষ্ঠিত হ’বলগীয়া এখন লটাৰী খেলৰ এটা টিকট শেষ মুহূৰ্তত ক্ৰয় কৰে ব্যক্তিজনে।

photo1665666421
ভাগ্যৰ খেল! লোন পৰিশোধ কৰিবলৈ নটিছ বেংকৰ, একেদিনাই লটাৰীত ৭৫ লাখ টকা জয় কৰিলে এজন ক্ষুদ্ৰ মাছ বিক্ৰেতাই… 4

লটাৰী খেল আয়োজকৰ তৰফৰ পৰা সন্ধিয়া তেওঁলৈ ফোন কৰি জনোৱা হয় যে তেওঁ খেলত প্ৰথম পুৰস্কাৰ লাভ কৰিছে। এই পুৰস্কাৰৰ পৰিমাণ হৈছে ৭৫ লাখ টকা।

ব্যক্তিজনৰ এনে আচৰিত ভাগ্যই এতিয়া হতভম্ব কৰিছে সকলোকে।

বেংকৰ পৰা নটিছ লাভ কৰাৰ দিনটোতে লটাৰীত ৭৫ লাখ টকাৰ পুৰস্কাৰ লাভ কৰি নিজেও উৎফুল্লিত হৈ পৰিছে ক্ষুদ্ৰ মাছ বিক্ৰেতাজনে।