অনিশ্চয়তাত মাজুলীৰ তেজস্বিতাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া, ৰাজহুৱা সাক্ষ্য দিবলৈ নাহিল কোনো লোক…

অনিশ্চয়তাত মাজুলীৰ তেজস্বিতাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া।

ৰাজহুৱা সাক্ষ্য দিবলৈ নাহিল কোনো লোক। আজি আছিল ৰাজহুৱা সাক্ষ্যৰ অন্তিম দিন।

উল্লেখ্য যে, তেজস্বিতাৰ মৃত্যুৰ তদন্তত সহায় হোৱাকৈ ৰাজহুৱা সাক্ষী গ্ৰহনৰ আহ্বান কৰিছিল অতিৰিক্ত উপায়ুক্ত সঞ্জীব কুমাৰ ফুকনে।

১০ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ কাৰ্যালয় খোলা অৱস্থাত দিনৰ ১২ বজাৰ পৰা তিনি বজালৈ তেজস্বিতাৰ মৃত্যুৰ ঘটনাৰ সাক্ষী প্ৰদানৰ বাবে আহ্বান জনোৱা হৈছিল।

image 96
অনিশ্চয়তাত মাজুলীৰ তেজস্বিতাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া, ৰাজহুৱা সাক্ষ্য দিবলৈ নাহিল কোনো লোক... 3

গীত, নৃত্যৰে লাখ লাখ জনতাক মোহছন্ন কৰা মাজুলী কমলাবাৰীৰ দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশু শিল্পী তেজশ্বিতা বৰুৱাৰ (১৪) গুৰুজনাৰ জন্মোৎসৱৰ দিনাখনেই আকস্মিক মৃত্যু ঘটে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱত সাংস্কৃতিক অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিবলৈ গৈ হঠাৎ অসুস্থ হৈ নামঘৰতে ঢলি পৰা তেজস্বিতা বৰুৱাক গড়মূৰৰ জিলা চিকিৎসালয়লৈ নিয়ে যদিও অকাল মৃত্যুক সাৱতি লই তেজস্বীতাই।

image 47
অনিশ্চয়তাত মাজুলীৰ তেজস্বিতাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া, ৰাজহুৱা সাক্ষ্য দিবলৈ নাহিল কোনো লোক... 4

কিন্তু তেজস্বিতাৰ মৃত্যুৰ পাছতেই এটাৰ পিছত আন এটা অভিযোগ উত্থাপন হৈছিল মাজুলীৰ স্বাস্থ্যখণ্ডলৈ ৷

ৰাইজৰ অভিযোগ চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই অকাল মৃত্যুক সাৱটি লয় মাজুলীৰ কমলাবাৰী দৰিয়া গাঁৱৰ উদীয়মান কণ্ঠশিল্পী তেজস্বিতাই।