ক্ৰিকেট ফিল্ডত নহয়, এইবাৰ ৰূপালী পৰ্দাত আলোড়ন তুলিবলৈ সাজু শিখৰ ধাৱান, আহি আছে…

নিউজ ডেস্কঃ ক্ৰিকেট ফিল্ডত নহয়, এইবাৰ ৰূপালী পৰ্দাত ভুমুকি মাৰিবলৈ সাজু হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ শিখৰ ধাৱান।

বলিউডৰ অভিনেত্ৰী হুমা কুৰেশ্বী আৰু সোণাক্ষী সিনহাৰ সৈতে একেলগে এখন ছবিত অভিনয় কৰিবলৈ সাজু হৈছে শিখৰ ধাৱান।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে হুমা কুৰেশ্বী আৰু শিখৰ ধাৱানৰ ৰোমাণ্টিক মুহূৰ্তৰ ছবিখনৰ কেইখনমান আলোকচিত্ৰ।

image 97
ক্ৰিকেট ফিল্ডত নহয়, এইবাৰ ৰূপালী পৰ্দাত আলোড়ন তুলিবলৈ সাজু শিখৰ ধাৱান, আহি আছে… 3

জানিব পৰা মতে, অভিনেতাৰ ৰূপত আত্মপ্ৰকাশ কৰিবলগীয়া শিখৰ ধাৱানৰ এই ছবিখনৰ নাম হৈছে ‘ডাবল এক্সএল’।

খবৰ অনুসৰি, এই ছবিখন গুলচন কুমাৰ, টি-ছিৰিজ, ৱাকাও ফিল্মছৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা হৈছে। ছবিখনৰ পৰিচালনা কৰিছে সত্ৰম ৰমণীয়ে।

image 98
ক্ৰিকেট ফিল্ডত নহয়, এইবাৰ ৰূপালী পৰ্দাত আলোড়ন তুলিবলৈ সাজু শিখৰ ধাৱান, আহি আছে… 4

দুগৰাকী শকত মহিলাৰ সপোন পূৰণৰ লক্ষ্যক লৈয়ে এই ছবিখনৰ কাহিনী আগবাঢ়িছে। ছবিখনৰ মুখ্য চৰিত্ৰ দুটাত অভিনয় কৰিছে সোণাক্ষী সিনহা আৰু হুমা কুৰেশ্বীয়ে।

অৱশ্যে এই ছবিখনত শিখৰ ধাৱানৰ চৰিত্ৰটো কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু খবৰ অনুসৰি, ছবিখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ক্ৰিকেটাৰগৰাকীয়ে।