ৰাজ্যকন্যা বৰুৱাক জামিনৰ সুযোগ দিয়া দুই আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ…

ৰাজ্যকন্যা বৰুৱাক জামিনৰ সুযোগ দিয়া দুই আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ।

ৰাজপথত শ্ৰমিকক গাড়ীৰে খুন্দিওৱা সুৰামত্ত যুৱতীয়ে জামিন লাভ কৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তদন্ত ঘোষণা কৰিছিল।

ৰাজকন্যাক জামিনৰ সুযোগ দিয়া আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ ঘোষণা মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ পিছতে ৰাজকন্যা বৰুৱাৰ জামিনৰ সুযোগ দিয়া আৰক্ষী বিষয়াৰ বিৰুদ্ধে লোৱা হৈছে ব্যৱস্থা।

এছ আই ছাহিৰ আলী আৰু ডব্লিউ এছ আই আভাৰাণী গগৈক কৰা হৈছে ৰিজাৰ্ভ ক্ল’জ।

আৰক্ষী আয়ুক্তালয়ৰ নিৰ্দেশত তাৎক্ষণিকভাৱে লোৱা হৈছে এই ব্যৱস্থা।

উল্লেখ্য যে, শনিবাৰে নিশা গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ন গৰাকীকৈ শ্ৰমিকক মহতীয়াই নিছিল ৰাজকন্যা বৰুৱাই।

Leave a Comment