অসমঅসমীয়া

ম্যাদ উকলা ঔষধত নতুন লেবেল লগাই বিক্ৰী, ফাৰ্মাচীৰ পৰা জব্দ ৩ বস্তা ঔষধ

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন ঠাইত ম্যাদ উকলা খাদ্য সামগ্ৰীত নতুন লেবেল লগাই বিক্ৰী কৰি আহিছে এটা অসাধু চক্ৰই।

কিন্তু এইবাৰ এখােপ আগুৱাই গৈ ৰােগীৰ জীৱনকলৈও হেতালি খেলিবলৈ কুন্ঠাবােধ কৰা নাই একাংশ লােক।

ম্যাদ উকলা ঔষধত নতুন লেবেল লগাই বিক্ৰী কৰিছে এনে একাংশ অসাধু লােকে।

শেহতীয়াকৈ আৰক্ষীৰ অভিযানত ফাদিল হৈছে তেনে এক ঘটনা।

জানিব পৰা মতে, মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাই অতৰ্কিতে অভিযান চলাই মায়ং থানাৰ অন্তৰ্গত বুৰাবুৰী বজাৰৰ পৰা বৃহৎ পৰিমাণৰ ম্যাদ উকলি যোৱা ঔষধ জব্দ কৰিবলৈ সমৰ্থ হয়।

লগতে সংশ্লিষ্ট ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী মুছাৰফ হুছেইনক আৰক্ষীয়ে আটক কৰে।

অভিযান কালত ২০২০ চনত আৰু চলিত বৰ্ষৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল মাহত ম্যাদ শেষ হোৱা বিভিন্ন ৰোগৰ তিনি বস্তা ঔষধ ধৃত মুছাৰফৰ ফাৰ্মাচীৰ পৰা আৰক্ষীয়ে জব্দ কৰে আৰক্ষীয়ে।

এই ঘটনাই স্বাভাৱিকতে অঞ্চলটোৰ সৰ্বসাধাৰণক উদ্বিগ্ন কৰি তুলিছে।

সূত্ৰ মতে, সাধাৰণ জনতাৰ স্বাস্থ্যক লৈ হেতালি খেলা আৰু বহু ফাৰ্মাচী জিলাখনৰ বিভিন্ন প্ৰান্তত আছে। তেনে ফাৰ্মাচীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *