হনুমান মন্দিৰৰ পৰা ৰূপৰ গদা চুৰি কৰি অনুতপ্ত চোৰ! আকৌ মন্দিৰত উপস্থিত হৈ দিলে ঘূৰাই, গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ হনুমান মন্দিৰৰ পৰা ৰূপৰ গদা চুৰি কৰাৰ পিছত অনুশোচনাত ভুগা চোৰে পুনৰ মন্দিৰত উপস্থিত হৈ ঘূৰাই দিলে চুৰি কৰা গদাটো।

এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ নাগপুৰত।

অৱশ্যে চোৰে চুৰি কৰা গদাটো মন্দিৰত ওভতাই দিয়াৰ সময়ত চিচিটিভি কেমেৰাত বন্দী হোৱা দৃশ্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চোৰটোক।

দৰাচলতে যোৱা ৮ অক্টোবৰত নাগপুৰৰ কানহানত অৱস্থিত এটা হনুমান মন্দিৰৰ পৰা চোৰে চুৰি কৰি লৈ গৈছিল এটা ৰূপৰ গদা।

এই চুৰিকাণ্ড সন্দৰ্ভত মন্দিৰৰ পুৰোহিতে আৰক্ষীক অৱগত কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

image 92
হনুমান মন্দিৰৰ পৰা ৰূপৰ গদা চুৰি কৰি অনুতপ্ত চোৰ! আকৌ মন্দিৰত উপস্থিত হৈ দিলে ঘূৰাই, গ্ৰেপ্তাৰ… 2

আৰক্ষীৰ তদন্ত চলি থকাৰ সময়তে ৯ অক্টোবৰত চোৰটোৱে পুনৰ মন্দিৰত উপস্থিত হৈ গদাটো ঘূৰাই দিয়াৰ লগতে আঁঠু লৈ চুৰি কাৰ্য কৰাৰ বাবে ক্ষমা বিচাৰে।

ইফালে এই সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হোৱাৰ পিছত আৰক্ষীয়ে চোৰটোক চিনাক্ত কৰি পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত চোৰটোৰ নাম সন্দীপ লাকন বুলি জানিব পৰা গৈছে।

চোৰটোৱে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰা মতে, গদাটো চুৰি কৰি নিয়াৰ পিছত তেওঁ তীব্ৰ অনুশোচনাত ভুগিছিল, যাৰ বাবে তেওঁ গদাটো ওভতাই দিয়াৰ সিদ্ধান্ত লয়।

সেই অনুসৰি চোৰটোৱে পুনৰ হনুমান মন্দিৰটোত উপস্থিত হৈ চুৰি গদাটো পূৰ্বৰ স্থানত ৰাখি ভগৱানৰ ওচৰত ক্ষমা বিচাৰে।