নিউজ ডেস্ক। ভাৰতীয় ভাৰোত্তোলন ফেডাৰেচনৰ উপ-সভাপতি পদত নিৰ্বাচিত হৈছে অসমৰ ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামী।
উল্লেখ্য যে দেওবাৰে নয়দাত অনুষ্ঠিত হয় ভাৰতীয় ভাৰোত্তোলন ফেডাৰেচনৰ বাৰ্ষিক সাধাৰণ সভা আৰু পৰৱৰ্তী কাৰ্যকালৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া।

নতুন কমিটীত উত্তৰ প্ৰদেশৰ সহদেৱ যাদৱ সভাপতি আৰু কৰ্ণাটকৰ এছ এইচ আনন্দ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে।
ভৱজ্যােতি গােস্বামী সম্প্ৰতি অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।









