বিতৰ্কিত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীক দলৰ পৰা নিলম্বন

অসম আন্দােলনৰ শ্বহীদক ঘাতকৰ সৈতে তুলনা কৰি ৰাজ্যজুৰি তীব্ৰ সমালােচনাৰ সন্মুখীন হােৱা বাঘবৰ সমষ্টিৰ বিতৰ্কিত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীক অৱশেষত আনুষ্ঠানিকভাৱে নিলম্বিত কৰিছে প্ৰদেশ কংগ্ৰেছে।

দলীয় নীতি অনুসৰি, শ্ব’ ক’জ প্ৰদানৰ ৩ দিনৰ অন্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বিধায়নকজনক নিলম্বন কৰে।

এই সংক্ৰান্তত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ববীতা শৰ্মাৰ স্বাক্ষৰিত দলীয় নিৰ্দেশনাত এই কথা প্ৰকাশ পাইছে।

FA1-Vs-Ik-Vg-AQEEVL

উল্লেখ্য যে শ্বেৰমান আলীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন দল-সংগঠনে ৰুজু কৰাৰ গােচৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে বিধায়ক আৱাসৰ পৰা শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিছিল।

কংগ্ৰেছ বিধায়কজনৰ গ্ৰেপ্তাৰৰ পাছতাে দলীয়ভাৱে অনুশাসনাত্মক ব্যৱস্থা গ্ৰহণৰ বাবে বিভিন্ন পক্ষক প্ৰদেশ কংগ্ৰেছক দাবী জনাইছিল।

Leave a Comment