শোকাবহ! মাংস নহয়, ভাত খাই ভালপোৱা নিৰামিষভোজী ঘৰিয়াল ‘ববিয়া’ৰ মৃত্যু…

নিউজ ডেস্কঃ ঘৰিয়াল মাংসভোজী জীৱ।

কিন্তু মাংসৰ বিপৰীতে ভাত খাই ভালপোৱা নিৰামিষভোজী ঘৰিয়াল ‘ববিয়া’ আৰু নাই।

কেৰালাৰ কাছাৰগোডৰ শ্ৰী আনন্দপদ্মনাভ স্বামী মন্দিৰত ৭৫ বছৰ বয়সত মৃত্যু ঘটে মাইকী ঘৰিয়ালটোৰ।

কেৰেলাৰ কাছাৰাগোড জিলাৰ অনন্তপুৰা গাঁৱৰ মন্দিৰ কমপ্লেক্সলৈ অহা দৰ্শনাৰ্থীৰ বাবে এই ঘৰিয়ালটোৱেই আছিল প্ৰধান আকৰ্ষণ।

image 80
শোকাবহ! মাংস নহয়, ভাত খাই ভালপোৱা নিৰামিষভোজী ঘৰিয়াল 'ববিয়া’ৰ মৃত্যু… 4

অনন্তপুৰা গাঁৱৰ এটা হ্ৰদৰ মাজত শ্ৰী অনন্তপুৰ মন্দিৰ অৱস্থিত। ই কেৰেলাৰ একমাত্ৰ হ্ৰদ মন্দিৰ আৰু ই অনন্তপদ্মনাভ স্বামী তিৰুৱনন্তপুৰমৰ আদি আসন বুলি বিশ্বাস কৰা হয়।

কিংবদন্তি অনুসৰি এইখনেই মূল স্থান য’ত অনন্তপদ্মনাভ বসতি স্থাপন কৰিছিল। ভক্তসকলৰ মতে ববিয়া হৈছে মন্দিৰৰ সুৰক্ষাৰ বাবে ঈশ্বৰে নিযুক্ত কৰা ৰক্ষক।

বছৰ বছৰ ধৰি মন্দিৰৰ ভক্তসকলে বিশ্বাস যে ববিয়া স্বয়ং ভগৱান পদ্মনাভনৰ দূত।

image 81
শোকাবহ! মাংস নহয়, ভাত খাই ভালপোৱা নিৰামিষভোজী ঘৰিয়াল 'ববিয়া’ৰ মৃত্যু… 5

মন্দিৰ চৌহদৰ ভিতৰত থকা ববিয়াৰ ফটো ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ হৈছিল।

এই ঘৰিয়ালটো নিৰামিষভোজী বুলি ধাৰণা কৰা হৈছিল।

মন্দিৰৰ পুখুৰীটোলৈ ববিয়া কেনেকৈ আহিল আৰু কোনে নাম ৰাখিলে সেয়া কোনেও নাজানে।

৭০ বছৰতকৈও অধিক সময় ধৰি মন্দিৰৰ পুখুৰীটোত বাস কৰি অহা সৰীসৃপটোৰ কোনো বন্য আচৰণৰ ইতিহাস নাই বুলি ধাৰণা কৰা হৈছে।

image 82
শোকাবহ! মাংস নহয়, ভাত খাই ভালপোৱা নিৰামিষভোজী ঘৰিয়াল 'ববিয়া’ৰ মৃত্যু… 6

মন্দিৰৰ পূজাৰীয়ে দিনত দুবাৰকৈ ভাত আৰু অন্য মন্দিৰৰ প্ৰসাদ প্ৰদান কৰিছিল ববিয়াক।

মন্দিৰৰ কৰ্মচাৰী সকলৰ মতে, পুৰোহিতৰ সৈতে এক আত্মিক সম্পৰ্ক আছিল এই ঘৰিয়ালটোৰ। যাৰ বাবে পুৰোহিতে ঘৰিয়ালটোৰ মুখৰ ভিতৰত হাত ভৰাই আহাৰ খুৱাই পৰ্যন্ত দিব পাৰিছিল।

সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা ‘ববিয়া’ নামৰ ঘৰিয়ালটোৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে মন্দিৰৰ কৰ্মচাৰী সকলৰ মাজত।