সমুদ্ৰ পথেৰে ভাৰতলৈ ড্ৰাগছ সৰবৰাহৰ চেষ্টা, NCB-ভাৰতীয় নৌসেনাৰ অভিযানত জব্দ ২০০ কেজি ড্ৰাগছ, ৬ ইৰাণী সৰবৰাহকাৰী গ্ৰেপ্তাৰ…

কেৰালাত ড্ৰাগছ বিৰোধী অভিযান।

NCB আৰু ভাৰতীয় নৌসেনাৰ অভিযানত জব্দ ২০০ কেজি ড্ৰাগছ।

আটক ৬ জনকৈ ইৰানিয়ান ড্ৰাগছ সৰবৰাহকাৰী।

মাছ মৰা নাৱত থকা পাত্ৰ সমূহত এই বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনি লুকুৱাই অনা হৈছিল বুলি জানিবলৈ দিছে নাৰ্কোটিক্স কন্ট্ৰ’ল ব্যুৰোৱে।

জানিব পৰা মতে, জব্দকৃত আফগানিস্তানত তৈয়াৰী আনুমানিক ১,২০০ কোটি টকা মূল্যৰ হিৰোইনখিনি প্ৰথমে পাকিস্তানলৈ আহিছিল। পাছত সেইখিনি ইৰাণৰ নাও এখনত ৰখা হৈছিল, যি ভাৰত আৰু শ্ৰীলংকাত বিক্ৰী কৰাৰ পৰিকল্পনা আছিল।

ভাৰতীয় জল সেনাৰ সৈতে চলোৱা এই যুটিয়া অভিযানত আটক হোৱা সৰবৰাহকাৰী কেইজনৰ স্বীকাৰোক্তি অনুসৰি তাৰ পাছত শ্ৰীলংকা লৈ নিয়াৰ পৰিকল্পনা আছিল ড্ৰাগছখিনি।

পাকিস্তানৰ পৰা আহি ভাৰতীয় জল সীমা হৈ শ্ৰীলংকা লৈ সৰবৰাহ কৰা হ’ল হয় ড্ৰাগছখিনি কিন্তু তাৰ পূৰ্বেই গ্ৰেপ্তাৰ হ’ল এন ছি বিৰ হাতত।

২০০ টা পেকেটত বিভক্ত ড্ৰাগছখিনিৰ প্ৰত্যেকটো পেকেটৰ ওজন আছিল ১ কিলোগ্ৰামকৈ। আৰু ইয়াৰে কিছু পেকেটত ‘বৃশ্চিক’ আৰু আন পেকেট সমূহত ‘ড্ৰেগন’ৰ চিহ্ন অংকন কৰা আছিল।