দেৱী বিসৰ্জনৰ সময়ত উটি যোৱা ৯ জন লোকৰ প্ৰাণৰক্ষা মহম্মদ মাণিকৰ…

নিউজ ডেস্কঃ বিজয়া দশমীত মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ সময়তে হঠাৎ অহা বানত উটি যোৱা কেইবাজনো লোকক উদ্ধাৰ কৰি এতিয়া সকলোৰে উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে এগৰাকী মুছলমান যুৱকে।

দৰাচলতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল পশ্চিম বংগৰ জলপাইগুৰিত।

বৃহস্পতিবাৰে জলপাইগুৰিৰ মাল নৈত দেৱী দুৰ্গাৰ মূৰ্তি বিসৰ্জনৰ সময়তে হঠাৎ ফেনে ফোতোকাৰে বাঢ়ে নৈৰ পানী।

image 73
দেৱী বিসৰ্জনৰ সময়ত উটি যোৱা ৯ জন লোকৰ প্ৰাণৰক্ষা মহম্মদ মাণিকৰ… 3

হঠাৎ অহা বানত মূৰ্তি বিসৰ্জনৰ বাবে সমবেত হোৱা শতাধিক লোক উটি যায়। এই কোবাল বানত ৮ জন লোকৰো মৃত্যু ঘটে।

ইফালে সেই সময়ত নৈৰ পাৰত থিয় হৈ দেৱী বিসৰ্জনৰ দৃশ্য চাই থকা মহম্মদ মাণিক নামৰ এজন যুৱকে অসংখ্য লোকক বানত উটি যোৱা দেখি অলপ সময়ো নষ্ট নকৰাকৈ নৈৰ বুকুত নিজেও জপিয়াই পৰে।

নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ২৮ বৰ্ষীয় সাহসী যুৱকজনে ৯ জন লোকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়।

সেই দিনটোত বানৰ কবলত পৰা ৮০ জন লোকৰ জীৱন ৰক্ষা পৰিলেও ৮ জন লোকৰ সলিল সমাধি ঘটে।

image 72
দেৱী বিসৰ্জনৰ সময়ত উটি যোৱা ৯ জন লোকৰ প্ৰাণৰক্ষা মহম্মদ মাণিকৰ… 4

ইফালে উদ্ধাৰ অভিযানৰ সময়ত মহম্মদ মাণিকে নিজেও ভৰিত আঘাত পায়। কিন্তু তাৰ পিছতো তেওঁ উদ্ধাৰ অভিযান অব্যাহত ৰাখে।

পিছত তেওঁক নিশা মালবজাৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতাললৈ লৈ যোৱা হয়। য’ত প্ৰাথমিক চিকিৎসাৰ পিছত তেওঁক ঘৰলৈ যাবলৈ চিকিৎসকে অনুমতি প্ৰদান কৰে।

নিজৰ জীৱনৰ কথা নাভাৱি এনেদৰে অনেক জনৰ জীৱন ৰক্ষা কৰা মাণিক এতিয়া সামাজিক মাধ্যমৰ চৰ্চাৰ বিষয় হৈ পৰিছে। অনেকেই তেওঁক ৰিয়েল হিৰো বুলি অভিহিত কৰি প্ৰশংসাৰে উপচাই পেলাইছে।

মহম্মদ মাণিকে কয়, মই সৰু সৰু ল’ৰা-ছোৱালীবোৰ বৈ যোৱা দেখিলোঁ৷ মই থিয় হৈ চাই থাকিব পৰা নাছিলো। আল্লাহৰ নাম লৈ নদীত জপিয়াই পৰিলো। মই মাত্ৰ বিশ্বাস কৰিছিলোঁ যে এজন ভগৱান আছে আৰু মই সাঁতুৰিব জানো। মানুহক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলোঁ।’

পেছাত মহম্মদ মানিক এজন ৱেল্ডাৰ। মালবজাৰৰ পৰা কেইকিলোমিটাৰমান দূৰৈত অৱস্থিত পশ্চিম তেশিমালা গাঁৱত পিতৃ-মাতৃ, পত্নী, তিনি বছৰীয়া পুত্ৰ আৰু সৰু ভায়েকৰ সৈতে তেওঁ বাস কৰে।