বিশ্বৰ অন্যতম শক্তিশালী দেশ আমেৰিকাৰ আৰক্ষী বিভাগত নিযুক্তি অসমৰ কাৰ্জন চৌধুৰীৰ, বদৰপুৰত আনন্দৰ বন্যা

নিউজ ডেস্কঃ অসমৰ পৰা গৈ বিশ্বৰ অন্যতম শক্তিশালী দেশ আমেৰিকাৰ আৰক্ষী বিভাগত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ’ল বৰাকৰ এজন যুৱকে।

আমেৰিকান আৰক্ষীৰ বিভাগীয় পৰীক্ষাত সুখ্যাতিৰে যোগ্যতা অৰ্জন কৰি আৰক্ষী বিভাগত যোগদান কৰে অসমৰ কাৰ্জন চৌধুৰীয়ে।

karjan
বিশ্বৰ অন্যতম শক্তিশালী দেশ আমেৰিকাৰ আৰক্ষী বিভাগত নিযুক্তি অসমৰ কাৰ্জন চৌধুৰীৰ, বদৰপুৰত আনন্দৰ বন্যা 2

উল্লেখ্য যে, কাৰ্জন চৌধুৰী অসমৰ বৰাক উপত্যকাৰ বদৰপুৰৰ নিৱাসী।

আমেৰিকাত বৰ্তমান বাস কৰা কাৰ্জনে শেহতীয়াকৈ ৰাষ্ট্ৰখনৰ আৰক্ষী বিভাগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা অৰ্জন কৰিছিল।

তাৰ পিছতে যোৱা ৫ অক্টোবৰত আনুষ্ঠানিকভাৱে কৰ্তব্যত যোগদান কৰে কাৰ্জনে।

যুৱকজনৰ এই সফলতাই আনন্দৰ বন্যা নমাইছে সমগ্ৰ বদপুৰত।