অসমীয়াৰাষ্ট্ৰীয়

উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন ১৯ জনৰ মৃতদেহ উদ্ধাৰ, এতিয়াও সম্ভেদ নাই অসমৰ দীপশিখাকে ধৰি ১০ জনৰ…

নিউজ ডেস্কঃ উত্তৰাখণ্ডৰ প্ৰচণ্ড হিমস্খলনত সন্ধানহীন হোৱা ১৯ জন পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু এতিয়াও এই ভূমিস্খলনত সন্ধানহীন হৈয়েই আছে অসমৰ পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ লগতে আন ১০ জন।

উত্তৰকাশীৰ দ্ৰৌপদী কা দাণ্ডা শৃংগত আৰোহণ কৰি নামি অহাৰ সময়তে প্ৰচণ্ড হিমস্খলনৰ সন্মুখীন হৈছিল নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনিঙৰ পৰ্বতাৰোহণকাৰী প্ৰশিক্ষাৰ্থী দলটো।

image 62

মঙলবাৰে ১৭ হাজাৰ ফুট উচ্চতাত ৪১ জনীয়া পৰ্বতাৰোহণকাৰী দলটো হিমস্খলনত সন্ধানহীন হোৱাৰ পিছতে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়।

কিন্তু প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত তীব্ৰ অসুবিধাৰ সন্মুখীন হয় উদ্ধাৰকাৰী দল। তাৰ মাজতে এতিয়ালৈকে পৰ্বতাৰোহণকাৰী দলটোৰ ১৯ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

image 63

এতিয়ালৈকে দলটোৰ ১০ গৰাকী সদস্যৰ কোনো সন্ধান লাভ কৰা নাই এছডিআৰএফ, এনডিআৰএফ বাহিনীয়ে। সন্ধানহীন হৈ থকা সকলৰ ভিতৰত আছে গুৱাহাটীৰ দীপশিখা হাজৰিকা নামৰ যুৱতীগৰাকীও।