শোকাবহ! গুৰুজনাৰ জন্মোত্সৱ অনুষ্ঠানত গীত গাই থাকোতেই হঠাৎ ঢলি পৰি মৃত্যু প্ৰতিভাৱান গায়িকা তেজস্বিতা বৰুৱাৰ

নিউজ ডেস্ক। গুৰুজনাৰ জন্মোত্সৱত সংগীত পৰিবেশন কৰি থাকোতেই হঠাৎ ঢলি পৰি মৃত্যু এগৰাকী প্ৰতিভাৱান গায়িকাৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে সত্ৰনগৰী মাজুলীত।

গীত পৰিবেশন কৰি থকাৰ সময়তেই অসুস্থ হৈ মৃত্যু ঘটে প্ৰতিভাৱান গায়িকা তেজস্বিতা বৰুৱাৰ।

image 45
শোকাবহ! গুৰুজনাৰ জন্মোত্সৱ অনুষ্ঠানত গীত গাই থাকোতেই হঠাৎ ঢলি পৰি মৃত্যু প্ৰতিভাৱান গায়িকা তেজস্বিতা বৰুৱাৰ 3

মাজুলীৰ দৰিয়াগাঁও নামঘৰত বুধবাৰে অনুষ্ঠিত হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোত্সৱ।

সেই অনুষ্ঠানতে গীত গাই থকা অৱস্থাত হঠাৎ ঢলি পৰে তেজস্বিতা।

309820963 520130906782265 1682092391636776217 n
শোকাবহ! গুৰুজনাৰ জন্মোত্সৱ অনুষ্ঠানত গীত গাই থাকোতেই হঠাৎ ঢলি পৰি মৃত্যু প্ৰতিভাৱান গায়িকা তেজস্বিতা বৰুৱাৰ 4

লগে লগে তেওঁক গড়মূৰৰ পীতাম্বৰ দেৱ গোস্বামী জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে গায়িকাগৰাকীৰ।

এই ঘটনাই সমগ্ৰ মাজুলীৰ লগতে সংগীত জগতখনত গভীৰ শোকৰ ছাঁ পেলাইছে।