ভয়ংকৰ! প্ৰতিমা বিসৰ্জনৰ সময়তে হঠাহে অহা নৈৰ প্ৰচণ্ড ঢলত উটি গ’ল অৰ্ধ শতাধিক লােক…

নিউজ ডেস্ক। এক ভয়ংকৰ ঘটনা সংঘটিত হ’ল পশ্চিম বংগৰ জলপাইগুৰিত।

নিশাৰ ভাগত দেৱীৰ প্ৰতিমা বিসৰ্জনৰ মাজতে নৈত হঠাতে অহা প্ৰচণ্ড ঢলে উটুৱাই নিলে অৰ্ধশতাধিক লোকক।

এই ঘটনাত এই পৰ্যন্ত ৯ জন লোকৰ মৃত্যু হােৱা বুলি নিশ্চিত কৰিছে প্ৰশাসনে।

G0 1
ভয়ংকৰ! প্ৰতিমা বিসৰ্জনৰ সময়তে হঠাহে অহা নৈৰ প্ৰচণ্ড ঢলত উটি গ’ল অৰ্ধ শতাধিক লােক... 2

আনহাতে, এই পৰ্যন্ত ৪০ জনৰো অধিক লোক সন্ধানহীন হৈ আছে।

জানিব পৰা মতে, জলপাইগুৰিৰ মাল নৈৰ বিসৰ্জন চলি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।

ইপিনে, সন্ধানহীন লোকক বিচাৰি NDRFৰ অভিযান অব্যাহত আছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়েও এই শােকাৱহ ঘটনাত গভীৰ শােক প্ৰকাশ কৰিছে।