শোকাবহ! দুৰ্গা পূজাৰ বলি বিধানৰ সময়তে বলি কটা দা চিটিকি আহি প্ৰাণ গ’ল এটি ৩ বছৰীয়া শিশুৰ…

নিউজ ডেস্ক। দুৰ্গা পূজাৰ নৱমীৰ বলি বিধানৰ সময়তে বলি কটা দা চিটিকি গাত লাগি কৰুণ মৃত্যু ঘটিল এটি ৩ বছৰীয়া কণমানিৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ গুমলা জিলাৰ ঘঘৰা থানা এলেকাৰ লালপুৰ গাঁৱত।

জানিব পৰা মতে, দুৰ্গা পূজা উপলক্ষ্যে মঙলবাৰে অৰ্থাৎ নৱমীৰ দিনা লালপুৰ গাঁৱত অনুষ্ঠিত দুৰ্গা পূজা মণ্ডপত বলি বিধানৰ ব্যৱস্থা কৰা হৈছিল।

মণ্ডপত ৩টা ছাগলী বলিৰ বাবে অনা হৈছিল। সেই সময়ত বলি স্থলীত উপস্থিত হৈছিল অসংখ্য গাঁওবাসী।

দুটা ছাগলীৰ বলি সম্পন্ন হোৱাৰ পিছত তৃতীয়টো ছাগলী বলি দিবলৈ লওতেই বলি কটা দা খন চিটিকি আহি ভিৰৰ মাজত থিয় হৈ থকা গাঁওখনৰ নিৱাসী দীপক ওৰাওন আৰু বীৰসী দেৱীৰ ৩ বছৰীয়া পুত্ৰ বিমলৰ ডিঙিত লাগে।

G0
শোকাবহ! দুৰ্গা পূজাৰ বলি বিধানৰ সময়তে বলি কটা দা চিটিকি আহি প্ৰাণ গ’ল এটি ৩ বছৰীয়া শিশুৰ… 2

লগে লগে ৰক্তাক্ত হৈ মাটিত ঢলি পৰা শিশুটিক ঘঘৰা গ্ৰাম্য সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই শিশুটিৰ মৃত্যু ঘটে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

দুৰ্গা পূজাৰ পৰম্পৰা পালনৰ সময়ত এনেদৰে এটি শিশুৰ অকাল মৃত্যু ঘটাক লৈ সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।