দুঃখবৰ! প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ বিয়োগ…

মাজবাট সমষ্টিৰ প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ দেহাবসান।

দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ সোমবাৰে শেষ নিশ্বাস ত্যাগ প্ৰাক্তন বিধায়কগৰাকীৰ।

উল্লেখ্য যে, মাজবাট সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছিল কৰেন্দ্ৰ বসুমতাৰীয়ে।

karen 1
দুঃখবৰ! প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ বিয়োগ… 2

২০০১ আৰু ২০০৬ চনত একেৰাহে দুবৰাকৈ সমষ্টিটোৰ নেতৃত্ব দিছিল কৰেন্দ্ৰ বসুমতাৰীয়ে।

বিগত কিছুদিন ধৰি তেওঁ অসুস্থতাত ভুগি চিকিৎসাধীন হৈ আছিল বি বৰুৱা কেন্সাৰ হাস্পতালত।

তাতেই সোমবাৰে বিয়লি ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে।