কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ আৰক্ষী জোৱান, আহত এগৰাকী CRPF জোৱান

নিউজ ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত দেওবাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চিআৰপিএফ আৰু আৰক্ষীয়ে চলোৱা যৌথ অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হয় এগৰাকী আৰক্ষী জোৱান।

এই অভিযানৰ সময়ত গাত গুলী লাগি আহত হয় এগৰাকী চিআৰপিএফ জোৱানো।

জানিব পৰা মতে, সন্ত্ৰাসবাদীৰ এটা দলে কাশ্মীৰৰ পিংলানা অঞ্চলত আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী আৰু চিআৰপিএফ বাহিনীয়ে যুটীয়াভাৱে অঞ্চলটোত অভিযান চলায়।

কিন্তু সেনা-আৰক্ষীৰ এই অভিযানৰ সময়তে সন্ত্ৰাসবাদীৰ দলটোৱে আকস্মিকভাৱে গুলীবৰ্ষণ কৰাত শ্বহীদ হয় আৰক্ষী জোৱানজন।

ইয়াৰ পূৰ্বে দেওবাৰে শ্বোপিয়ানত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা যুটীয়া অভিযানত নিহত হৈছিল লস্কৰ এ তৈবাৰ এজন সন্ত্ৰাসবাদী।

নিহত সন্ত্ৰাসবাদীজনক শ্বোপিয়ানৰ নৱপোৰা বাস্কুচনৰ নাছিৰ আহমেদ ভাট বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে সংঘৰ্ষস্থলীৰ পৰা এটা একে ৰাইফলসহ বহু অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে।